নিয়ৰৰ ফুল- দিপালী শইকীয়া 

Pc- pexels
নিয়ৰৰ ফুল
      দিপালী শইকীয়া 
      ডিব্ৰুগড়
ফাগুনে দি যোৱা কোমল কুঁহিত
বসন্তৰ বা লাগি প্ৰকৃতি হ’ল উন্মনা
সেউজীয়া বুটাবছা সাজ পিন্ধি
কাঞ্চনমতী ভৰযৌৱনা।
নাহৰৰ পাতে পাতে প্ৰেমৰ আলাপ
দুচকুত আশাৰ জোনাক
মনৰ পদুলিত কোনে পঞ্চম সুৰৰ ৰাগিণী তুলে
ৰিঙা ৰিঙা মনত তাইৰ
বসন্তৰ এজাক বৰষুণ নামি আহে
দুপৰীয়া নিজান পৰত কুলিৰ মাতত
তুমি তুমি লগা ভাৱনাত
উমলি থাকোতেই
ঠাইতেই অচিনা তমসাই আগচিলেহি
সিঁচি দিলে দুচকুত নিয়ৰৰ ফুল
পাই হেৰুৱাৰ বেদনাত
কাঞ্চনমতী হ’ল ব্যাকুল ।