নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস

নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস

ৰঙিলী বাৰ্ত্তাসেৱা- ফুৰিবলৈ গৈ মৃত্যুক আকোৱালি ল’লে ৰঙিয়াৰ এজন যুৱকে। ছিকিমৰ উমথাঙলৈ ফুৰিবলৈ গৈ পত্নীৰ সন্মুখতে মৃত্যুক সাবটি ল’লে ৰঙিয়াৰ মুনজিৎ দাসে। ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ শম্ভুৰাম দাসৰ জ্যেষ্ঠ সন্তান মুনজিত কিছুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল।কিন্তু দেহৰ পৰা মাহ হালধিৰ গোন্ধ আঁতৰ নৌহওঁতেই ইহ সংসাৰ ত্যাগ কৰিলে মুনজিতে। মৃত্যুৰ আগমুহূৰ্তত পত্নীক কৈ গল এষাৰি বাক্য – ‘তুমি এজন ভাল ল’ৰা চাই আকৌ বিয়াত বহিবা, মই আৰু জীয়াই নাথাকিম চাগে!’ এই কথাষাৰ কৈয়ে অজান দেশলৈ গুচি গ’ল ৰঙিয়া নগৰৰ ৫নং ৱাৰ্ডৰ শান্তিপুৰৰ ৩০ বছৰীয়া উদীয়মান যুৱক মুনজিৎ দাসে। জানিব পৰা মতে, নতুনকৈ বিবাহপাশত আৱদ্ধ হৈ ছিকিমলৈ ফুৰিবলৈ গৈছিল দম্পতীহাল। অক্সিজেনৰ অভাৱত মৃত্যুক আঁকোৱালি লয় মুনজিৎ দাসে। আমেৰিকাৰ এটা ব্যক্তিগত কোম্পানীত অনলাইনযোগে কৰ্মৰত মুনজিতে যোৱা ১৪ নৱেম্বৰত পত্নীৰ সৈতে ছিকিমলৈ ফুৰিব গৈছিল। ছিকিমৰ ওখ ঠাই উমথাং পোৱাৰ পিছতে অতি কম পৰিমাণে অক্সিজেন পোৱাত মুনজিতে উশাহ–নিশাহত কষ্ট পাই আৰু যুৱকজনৰ স্থাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। সেই স্থানতে থকা স্বাস্থ্য কেন্দ্ৰ এটাত মুনজিতক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে অক্সিজেন কম পোৱা বুলি কৈ প্ৰাথমিক চিকিৎসা কৰি ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে অন্য ঠাইলৈ নিবলৈ পৰামৰ্শ দিয়ে। চিকিৎসকৰ পৰামৰ্শ মানি দুয়ো লগে লগে ছিকিমৰ পৰা উভতি আহে যদিও তেতিয়ালৈ মুনজিতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। পত্নীয়ে উপায়ন্তৰ হৈ নিউ জলপাইগুৰিৰ এখন নাৰ্ছিংহোমত স্বামীক ভৰ্তি কৰাই যদিও পত্নীৰ চকুৰ সন্মুখতে মুনজিৎ দাসে মৃত্যুক সাবটি লয়। পত্নীয়ে ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ লোকে লগে লগে নিউজলপাইগুৰিলৈ ৰাওনা হয়। পুৱতি নিশা তেওঁৰ নশ্বৰ দেহ ৰঙিয়াৰ শান্তিপুৰৰ বাসগৃহত লৈ অহাত শোকৰ ছাঁ পৰে।