নিস্তব্ধতাৰ কোঠাত আৰ্তনাদ – ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc Vecteezy

নিস্তব্ধতাৰ কোঠাত আৰ্তনাদ

ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ, নগাঁও

মোৰ কোঠাটো খিৰিকীবোৰ বন্ধ কৰিলোঁ
বাহিৰৰ বতাহজাকলৈ এতিয়া ভয় লগা হৈছে।
মোৰ বন্ধ কোঠাত এতিয়া কেৱল
নিৰৱতাৰ শৃঙ্গাৰ।
নিজক নিজেই সমাধি দিয়া বৰ টান
হৃদয়, মন একেলগে জ্বলন্ত অগ্নিসাৰ।
কিমান হেৰুৱালে ,
কিমান ভাঙিলে,
কিমান প্ৰতাৰণা হ’লে
নিজক সমাধি দিব পাৰে মই নাজানো।
কথাবোৰ, সপোনবোৰ
জীৱনৰ বাটত কেতিয়াবা এনেকৈ ঠেহ লাগে।

মৃত‍্যু কোনেনো বিচাৰে?
মৃত‍্যু কোনেনো কাম‍্য কৰে?
কোনেনো জীয়াই থাকিব নিবিচ‍াৰে?
প্ৰতিটো কাহিনী এনেকৈ শেষ হ’য়
সকলোৱে এখনেই নিস্তব্ধ আঁৰকাপোৰ
য’ত লিখা থাকে
“মৃত‍্যু”
অস্ত বেলিকাৰ নাম…
জীৱনৰ আলোক উপহাৰ।

The end.
The play has come to an end,
Ah..let me rest a little,
Let me fall a sleep in peace.