নিসংগতা
বিপ্লব শৰ্মা
অনুভৱ কৰিছে নে আপুনি ? ভাল পাই নে আপুনি অকলে থাকি ? কেতিয়াবা ৰাতি অকলশৰে ৰেল ষ্টেচনত বহি হাতত চাহ একাপ লৈ এখন এখন কৈ পাৰ হৈ যোৱা ৰেল বোৰ চাই চাই ভবিষ্যতৰ চিন্তাত মগ্ন হৈ পাইছে নে ? নদীৰ পাৰত অকলে বহি নিজৰ সুখ দুখ গণনা কৰি পাইছে নে ? কেতিয়াবা কেতিয়াবা এই ব্যস্ত পৃথিৱীখনৰ পৰা অকণমান আঁতৰি আহি অকলশৰয়াকৈ নিজৰ মনটোৰ লগত কথা পাতি পাইছে নে ?
আচলতে কেতিয়াবা আমি সকলো পাইয়ো সুখী হব নোৱাৰোঁ কাৰণ আমি প্ৰাইভাগ কাম আনক অনুকৰণ কৰি কৰিবলৈ বিচাৰোঁ। আমি আমাৰ মনটোক কেতিয়াবা সুধি পাইছোঁ নে সি কি বিচাৰে ? এই পৃথিৱীত সুখী হবলৈ হলে আনক অনুকৰণ কৰাৰ আগতে নিজৰ মনটোক প্ৰথমে বুজিব লাগিব । লক্ষ্য কৰিব আমাৰ জীৱনবোৰ দিনক দিনে ব্যস্ততাপূৰ্ণ হৈ গৈ আছে আৰু আমি কৰবাত নহয় কৰবাত নিজক হেৰুৱাই পেলাইছো এই ব্যস্ততাবোৰৰ মাজত। নিজক সুখী কৰিবলৈ হলে কেতিয়াবা কেতিয়াবা অকলশৰয়াকৈ থকাৰ প্ৰয়োজনীয়তা আছে । মনটোক সুখী কৰিব পাৰিলে হে আমি সুখী হব পাৰিম।
ব্যক্তিগত অনুভৱৰ প্ৰকাশ মাথোঁ এইয়া মোৰ।
নিৰ্জনতা আৰু নীসংগতা এতিয়া মোৰ প্ৰিয়।