নিসংগতা
অমৃত গোস্বামী
ভাল—
কিহৰ ভালহে,
ভাল নহয়, কাল।
ভূত হৈ থাকোঁ ঘৰত
অকলে অকলে।
পাঁচ মাহ হ’ল—
মাক ডাঙৰ ল’ৰাৰ লগত।
জেলত থাকাই ভাল বুজিছা,
অন্ততঃ লগৰ কয়দী কেইটাকে লগ পায়।
ইহঁত আহিবকে নিবিচাৰে ইয়ালৈ,
বিহুঁৱে সংক্রান্তিয়েও
নাজানো কি কৰিলো!
বহা বহা—
যাও বুলি নক’বা কিন্তু, এতিয়াই।
কথাকে পাতোঁ আজি তোমাৰ লগত!
নহ’লে ভাতকে খাই যোৱা,
মই ৰান্ধো।
পাঁচ বছৰৰ আগতে—
ভাল বুজিছা,
ভগৱানে মোক ভালেই ৰাখিছে।
ইহঁত তিনিওটাৰে ভাল, মাকৰো।
এটাও ঘৰত নাথাকে।
সৰুটো যে,
তুমি আহিলেই যে ডবা খেলিব লাগে, আগতে,
বৰ ভাল কৰিলে নহয়, এইবাৰ,
বৰ ভাল জেগাত পালে।
অ’ পাহৰিছো নহয়, তোমাক ক’বলৈ—
মোক পাৰাৰ মানুহে সম্বৰ্ধনা জনালে,
অলপতে।
তিনিটাকৈ সুযোগ্য সন্তানৰ সুযোগ্য পিতৃ হিচাপে।
বৰ ভাল লাগিল বুজিছা,
বৰ ভাল লাগিল!