নিষিদ্ধ কেচিন’ জুৱা চলা সোণাপুৰৰ ক্লাব নির্ভানা ৰিজ’ৰ্ট স্বত্বাধিকাৰীসহ সাতজনক গ্ৰেপ্তাৰ

নিষিদ্ধ কেচিন’ জুৱা চলা সোণাপুৰৰ ক্লাব নির্ভানা ৰিজ’ৰ্ট স্বত্বাধিকাৰীসহ সাতজনক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সোণাপুৰৰ বিলাসী ৰিজ’ৰ্ট ক্লাব নির্ভানাত আৰক্ষীয়ে প্রায় তিনিঘণ্টা ধৰি অভিযান চলাই কেচিন কার্ড, নগদ ধন, সুৰা, চিগাৰেট আদি কৰি বিভিন্ন সামগ্রী জব্দ কৰে। এই বৃহৎ জুৱা চলা ক্লাব নির্ভানাৰ স্বত্বাধিকাৰী জ্যোতি শৰ্মা আৰু অভিশেখ শর্মাও সোণাপুৰ আৰক্ষীৰ জালত পৰিছে। আন্তঃৰাষ্ট্ৰীয় জুৱাৰীয়ে বাহৰ পতা ক্লাব নির্ভানাৰ প্ৰবন্ধক দীপক শইকীয়াকো গ্ৰেপ্তাৰ কৰিছে সোণাপুৰ আৰক্ষীয়ে। পূর্বে আই পি এল জুৱাৰে বিতৰ্কত সোমাই পৰা ক্লাব নির্ভানাত দীর্ঘদিনৰ পৰাই চলাই আহিছিল কেচিন জুৱা। প্রভাৱশালী লোকৰ তৎপৰতাত ক্লাব নির্ভানাত দীর্ঘদিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ জুৱাৰীয়ে খেলি আহিছিল জুৱা। এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত কালি মিজোৰামৰ আইজলৰ চাৰিজন লোক ক্রমে লালচানহিমা চাইলো, লালফকাৱামা ৰালতে, লালৰিং হেটা আৰু যোছেফ লালপাৰমাৰ সহিতে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে। সোণাপুৰ আৰক্ষীয়ে ১১৩/২৫ নম্বৰত এটি গোচৰ নিজাববীয়াকৈ ৰুজু কৰিছে।