নিশাৰ এলান্ধু – যমুনা দুলু বৈশ্য

নিশাৰ এলান্ধু

যমুনা দুলু বৈশ্য,শুৱালকুছি

তোমাৰ ভ্ৰূকুতিতে আছে বিচিত্ৰ অলংকাৰ
আকুলতাৰ মেৰপাকেৰে অনুভূতি বিকাশ কৰা
চিন্তাৰ তৰঙ্গত নিজে ঢৌ খোৱা অথচ —
খোজৰ ভৰত স্বৰলিপিত সলোৱা নিজৰে প্ৰতিবিম্ব
পাৰিবানে তুলনা কৰিব নিশাৰ এলান্ধু নাশ কৰি
মাটি , আকাশ ,পোহৰ ,আন্ধাৰৰ স’তে
ফেৰ মাৰিব , হৃদয়তে বিচাৰি চোৱা ,
কপটতা আঁতৰালে মনত শঙ্কাও নাথাকে জানা,
নালাগে অনিদ্ৰা , অনাহাৰে ,খেপিয়াই ফুৰিব
সেইকথাকে ভাবি মইও কেতিয়াবা
নিঃশব্দৰ মাজতে বিলীন হও ,
হৃদয়হুীনতাৰ মৰুভূমিত নোপোৱাৰ বেদনাৰে
পথভ্ৰষ্ট হ’বলৈ কি —কাৰণে যন্ত্ৰণাত ভূগিব লাগে
প্ৰেমৰ স্বীকৃতি দিবলৈ অপেক্ষা , অভিমানৰ
বয়সেও এদিন হাৰ মানিব —–ঐ
দুচকুত থাকে নিৰৱে ভালপোৱাৰ স্মৃতিস্তম্ভ ।