নিশব্দ বেদনাৰ কথা
চিমী বৰুৱা, মৰিগাঁও, চৰাইবাঁহী
“তুমি তোমাৰ প্ৰেয়সীৰ কথা কৈছিলা,
মই চুপচাপ শুনি ৰ’লোঁ—
কিন্তু সেই নীৰৱ মুহূৰ্ততে
বুকুৰ ভিতৰত
চিকুণ এটা হুলে
নাজানো কিয় খোঁচ মাৰি গ’ল।
ই ৰাগো নহয়
ইর্ষ্যাও নহয়
মাত্ৰ এটা সৰু বিষ,
এটা নৰম বেদনাৰ ঢৌ
হেঁপাহবোৰৰ মাজেদি ওলাই আহিল।
কাৰণ তুমি যিজনক মনত ৰাখা,
সেইজনী তো মই নহয়—
এই সত্যটোৱেই
বাতাহৰ দৰে নিঃশব্দে
মনত ব্যথা চলাই গ’ল।
মই বাহিৰে একো নেদেখুৱালো,
মাত্ৰ হাঁহি মুখত থৈ দিলো—
কিন্তু ভিতৰে?
এটা সৰু কষ্ট
নিশব্দে কথা পাতিছিল
মোৰ লগতেই।”
