নিলিখোঁ বুলিও থাকিব নোৱাৰি – ছাব্বিৰ আহমেদ

নিলিখোঁ বুলিও থাকিব নোৱাৰি
               ছাব্বিৰ আহমেদ, নগাঁও
   নিলিখোঁ বুলিও আজি
 থাকিব নোৱাৰি,
 কাব্যৰ জ্যোতিয়ে
 ধৰেহি সাৱটি ।
চিন্তাকলিটো আজি
 কাব্যৰ সঁহাৰি,
নিলিখোঁ বুলিও আজি
 থাকিব নোৱাৰি ।
কবিৰ কাব্য দেখি
 মগজুৰ বিজুতি,
 উতনুৱা মনত আকৌ
 শব্দৰ ধেমালি ।
ব্যস্ততাৰে ভৰা
 আজিৰ বিশেষ সময়ত,
 নিলিখোঁ বুলিলেই জানো
 থাকিব পাৰি ।
মনটো যদি জ্ঞানৰ পিপাসু,
 মগজু আকৌ অনুভৱৰ বন্ধু ।
 কাব্য মোৰ ৰক্ত,
 জীৱন জীয়াৰ
 সেন্দুৰীয়া মন্ত্ৰ ।
 থমকি নৰয় আজি এই ৰক্ত,
 আহক বাধা শত-সহস্ৰ ।।