নিলাজ পৃথিৱী- অনন্ত কুমাৰ ভূঞা

P.C medium
নিলাজ পৃথিৱী
নিলাজ পৃথিৱীত
বিষাক্ত হ’ল হৃদয়ৰ গান
ফেঁ‌কুৰি উঠিল পৰ্যটনৰ চোতাল।
কলিজাৰ কেঁ‌চা তেজ উটি গ’ল
শিলে শিলে ঠেকা খায়
নিজান নদীত
ক্ৰন্দনৰ ৰোল বাগৰিল
সেউজ বননি শোকত ভাগৰিল
হৃদয় বিদাৰক ভয়াৰ্ত ক্ষণৰ
আৰ্তনাদ আৰু কোলাহল
বিভৎস নাটৰ কুৎসিত দৃশ্য
সন্ত্ৰাসৰ উপহাৰ কলংকিত অধ্যায় ।
বিহ্বল হিয়াৰ চিঞৰত
সময় অসহায় নিশ্চুপ নিস্তব্ধ
অলেখ আত্মাৰ স্তব্ধ হ’ল উশাহ ।
কৰুণ বাটেৰে বহুজন গুচি গ’ল
বৰ্বৰতাৰ চেকা ৰৈ গ’ল নিথৰ শৰীৰত ,
আজি জোনাকে কান্দিছে
বিহংগম ম্ৰিয়মাণ
বাকৰুদ্ধ অৰণ্য জগত
শ্বাসৰুদ্ধ পৰিবেশ
আউলি বাউলি বতাহজাক
নিষ্ঠুৰ নিৰ্দ্দয় হাতেৰে ফুটাইছে গুলিৰ শব্দ
থানবান কৰিছে চৌখিন মন ।
ছেদেলি-ভেদেলি হ’ল যাত্ৰা পথ
সন্ত্ৰাসে বোৱাই দিলে তেজৰ সূঁ‌তি
মানুহ অমানুহ হ’ল
বৰ্বৰতাৰ ইতিহাসত লিখা থাকিল
সভ্য মানুহৰ কলংকিত অধ্যায়
সন্ত্ৰাস নিৰ্মূলৰ কঠোৰ উপায়।