নিলম্বিত বিজেপি নেতা সীমা পাত্ৰক ১২ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- নিলম্বিত বিজেপি নেত্ৰী তথা এগৰাকী প্ৰাক্তন আইএএছ বিষয়াৰ পত্নী সীমা পাত্ৰক ১২ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ২৯ বছৰীয়া জনজাতীয় সহায়কক আঠ বছৰ ধৰি আৱদ্ধ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগত ৰাঁচীৰ ঝাৰখণ্ড আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতে পাত্ৰাই কয় যে এইবোৰ ভুৱা অভিযোগ, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত অভিযোগত মোক জড়িত কৰা হৈছে।