নির্বাচনী বিধি উলংঘাৰ অভিযোগত দেৱব্ৰত শইকীয়াক আবদ্ধ কৰিলে বিজেপি কর্মীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্রার্থী দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে বিজেপি দলে নির্বাচনী বিধি উলংঘাৰ অভিযোগ আনিছে। প্রার্থীগৰাকীক আবদ্ধ কৰি ৰাখে বিজেপি কর্মীসকলে। এই ঘটনা সংঘটিত হৈছে আমগুৰি নগৰৰ ঠাকুৰবাৰীস্থিত বিবাহ ভৱনত। জানিব পৰা মতে আমগুৰি নগৰৰ ঠাকুৰবাৰীস্থিত বিবাহ ভৱনত দেৱব্ৰত শইকীয়াই দলীয় কর্মীৰ মাজত প’লিং এজেণ্টৰ প্ৰ-পত্ৰ বিতৰণ কৰি থাকোঁতেই নাজিৰাৰ আমগুৰিৰ শতাধিক বিজেপি কর্মীয়ে আবদ্ধ কৰে। দেৱব্ৰত শইকীয়াই নির্বাচনী বিধি ভংগ কৰা বুলি অভিযোগ কৰি বিজেপি কর্মীয়ে ঠাকুৰবাৰীৰ মুখ্য প্ৰৱেশ দুৱাৰত তলা লগাই আবদ্ধ কৰি ৰাখে। তীব্র বাক্-বিতণ্ডা, হেঁচা-ঠেলাৰ মাজেৰে দেৱব্ৰত শইকীয়াই সভা এৰি যাব বিচাৰে যদিও আবদ্ধ কৰি ৰাখি বিজেপি কর্মীসকলে বাধা প্রদান কৰে। ঘটনাস্থলীত লগে লগে আমগুৰি আৰক্ষী বিষয়া মৃদুল হাজৰিকা, নির্বাচনী বিষয়া তথা ৰাজহ চক্র বিষয়া অৰূপ বিক্ৰমীয়া উপস্থিত হৈ দেৱব্ৰত শইকীয়াৰ সাক্ষ্য গ্রহণ কৰে। দুয়ো দলৰ তীব্র বাক্যবাণ, বাধাদানৰ পিছত প্রশাসনৰ হস্তক্ষেপত ঘটনাৰ শাম কাটে। উল্লেখ্য যে নির্বাচনী বিধি উলংঘা কৰি প্রার্থীজনে শতাধিক দলীয় কর্মীক এনেদৰে সমবেত কৰি সভা অনুষ্ঠিত কৰা বুলি শাসক পক্ষই ক্ষোভপ্রকাশ কৰে। ইয়াৰ পিছতে দেৱব্ৰত শইকীয়াই সতীর্থ সহ মটৰ চাইকেলৰ ওপৰতে প’লিং এজেন্টসকলৰ নিয়োগ-পত্ৰ স্বাক্ষৰ কৰি বিতৰণ কৰে।
