নির্বাচনী আৰ্হি আচৰণ বিধি সম্পর্কত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ প্রতিনিধিৰে ডিব্ৰুগড় জিলা নিৰ্বাচনী বিষয়াৰ বৈঠক
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক লোকসসভা নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে ডিব্ৰুগড় জিলা প্রশাসন আৰু জিলা নিৰ্বাচনী বিভাগে নির্বাচন সংক্রান্তিয় কাম-কাজৰ ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে। লোকসভা নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে বিভিন্ন কোষ গঠন কৰি ডিব্ৰুগড়ৰ জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৈৰীয়ে প্ৰতিটো কোষকে নিষ্ঠা সহকাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ নিদের্শ দিছে । ১৬ মাৰ্চত ভাৰতীয় নির্বাচনী আয়ােগে দেশৰ লোকসভা নির্বাচনৰ ভােটগ্রহণৰ তাৰিখ নির্ধাৰণ কৰাৰ পাছতে ডিব্ৰুগড় জিলা আয়ুক্ত কার্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ প্রতিনিধিৰ উপস্থিতিত নির্বাচনী আৰ্হি আচৰণ বিধি সম্পর্কত এখনি জৰুৰী সভা অনুষ্ঠিত হয়। বৈঠকত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই বলৱৎ হোৱা আৰ্হি আচৰণ বিধি মানি চলা সন্দৰ্ভত ব্যাখ্যা আগবঢ়োৱা হয়। ৰাজনৈতিক দলসমূহে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা আৰু ৰাজনৈতিক দলসমূহৰ নিৰ্ধাৰিত ব্যয় সন্দৰ্ভতো সভাত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়োৱা হয়। আনহাতে নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলঙ্ঘনৰ ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি সজাগ হ’বলৈ ৰাজনৈতিক দলসমূহৰ প্ৰতি জিলা আয়ুক্ত গৰাকীয়ে আহ্বান জনায় লগতে জিলা আয়ুক্তগৰাকীয়ে ভাৰতৰ নিৰ্বাচন আয়োগে দিয়া ৰাজনৈতিক দলসমূহে মানি চলিবলগীয়া নিৰ্দেশনাসমূহ বিতংভাৱে অৱগত কৰে। তেওঁ সমাজত বিভাজন সৃষ্টিকাৰী কোনো উপাদানক প্ৰশ্ৰয় নিদি শান্তিপূৰ্ণ, সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ সকলোৰে সহায় সহযোগিতা কামনা কৰে। আনহাতে, নির্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হােৱাৰ লগে লগে জিলা প্ৰশাসন আৰু আৰক্ষীৰ লগতে নির্বাচনী ব্যয় নিৰীক্ষণ কোষৰ বিষয়ববীয়া আৰু বিভিন্ন ফ্লাইং স্কোৱার্ডসমূহাে জিলাখনত সষ্টম হৈ থাকিব বুলি সভাত উল্লেখ কৰা হয়। সভাত নিৰ্বাচন সংক্ৰান্তীয় অভিযোগ দাখিলৰ বাবে উপলব্ধ “c-vigil এপ”ৰ ব্যৱহাৰৰ বিষয়েও আলোচনা কৰা হয়। এই সভাত অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে সংঘমিত্ৰা বৰুৱা, জিন্টু বৰা, অসীম বৰগোহাঁই, নির্বাচনী বিষয়া প্ৰাঞ্জীল গগৈ, সহকাৰী আয়ুক্ত শিৱানী জেৰ্ণগল আদি উপস্থিত থাকে।