নিযুত মইনা ২.০ৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ সপোন বাস্তৱায়িত কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। আঁচনিখনে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩.৫ লাখৰো অধিক ছাত্ৰীক উপকৃত কৰিব। বিগত ২০২৪-২৫ বর্ষত ১.৬০ লাখতকৈ অধিক ছাত্রী আঁচনিখনৰ জৰিয়তে উপকৃত হৈছিল। নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্রেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে প্রতিমাহে ১ হাজাৰ টকাকৈ, সংহত শিক্ষক প্রশিক্ষণ কার্যসূচীত নামভৰ্তি কৰা ছাত্ৰীসকলকে ধৰি স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰীসকলে প্রতিমাহে ১,২৫০ টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে প্রতিমাহে ২,৫০০ টকাকৈ সৰ্বাধিক দহ মাহৰ বাবে লাভ কৰিব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিগত বৰ্ষত ১,৬১,৩০২গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰাৰ বিপৰীতে এইবাৰ ৩,৫০,২৬৫ গৰাকী ছাত্ৰীয়ে এই সুবিধা লাভ কৰিছে। বিগত বৰ্ষৰ হিচাপত এইবাৰ ৩.২০ লাখ ছোৱালীয়ে আঁচনিখনৰ সুবিধা লাভ কৰিব লাগিছিল। কিন্তু আঁচনিখনৰ সুবিধা লাভ কৰা ছাত্ৰীৰ সংখ্যাৰ পৰা দেখা যায় যে বিগত বৰ্ষৰ তুলনাত এইবাৰ ৩০ হাজাৰৰো অধিক ছাত্ৰীয়ে নামভৰ্তি কৰিছে। উচ্চতৰ মাধ্যমিক পৰ্যায়ত ১২,২৮২ গৰাকী ছাত্ৰীয়ে আৰু স্নাতক-স্নাতকোত্তৰ পৰ্যায়ত ১৪,২০০ গৰাকীৰ অধিক ছাত্ৰীয়ে নামভর্তি কৰিছে। এয়া অসমৰ শিক্ষাখণ্ডৰ বাবে এক আনন্দৰ খবৰ। বিগত এটা বছৰত প্ৰথম বৰ্ষৰ পৰা দ্বিতীয় বর্ষলৈ উত্তীর্ণ হোৱা কোনো ছাত্রীয়ে উচ্চ শিক্ষা ত্যাগ কৰা নাই। অর্থাৎ কোনো ছাত্রীয়ে যাতে আধাতে উচ্চ শিক্ষা ত্যাগ নকৰে নিযুত মইনা আঁচনিৰ জৰিয়তে তাক নিশ্চিত কৰা হৈছে। এটা বছৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ মনত আত্মবিশ্বাস সৃষ্টি কৰাৰ লগতে নিজৰ ভৰিত নিজে থিয় হৈ আকাশ চোৱাৰ সপোন দেখা এচাম নতুন অসমৰ সেনানী গঢ় দিবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে। বাল্যবিবাহে অসমৰ সমাজ জীৱন ধ্বংসৰ দিশে লৈ গৈছিল আৰু নিযুত মইনা আঁচনিখনে বাল্যবিবাহ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- কিছু বছৰ আগলৈকে অসমত বহু ছোৱালীৰ ১২ বছৰ বয়সতে বিয়া হৈছিল। ১৪ বছৰত সন্তানৰ মাতৃ হৈছিল। ২০ বছৰ বয়সলৈ বহু ছোৱালী ২-৩টা সন্তানৰ মাতৃ হৈছিল। ২০২২ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বাল্যবিবাহৰ দুৰ্ভাগ্যৰ পৰা অসমৰ ছাত্ৰীসকলক মুক্ত কৰিবলৈ লোৱা সংকল্পৰ পিছতে দুটা বর্ষত আঠ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। অসমৰ বহু পিতৃ-মাতৃয়ে মনৰ ইচ্ছাৰ বিপৰীতে গৈ আর্থিক দুৰৱস্থাৰ বাবেই কম বয়সতে নিজৰ কন্যাক বিয়া দিছিল। এনে পিতৃ-মাতৃৰ দুখৰ সমভাগী হৈ চৰকাৰ অসমৰ ছাত্ৰীসকলক এক নতুন দিগন্তলৈ লৈ যোৱাৰ সাৰথি হ’ব বিচাৰে। ইয়াৰ বাবে চৰকাৰে কেইবাখনো আঁচনি গ্রহণ কৰিছে। মহাবিদ্যালয়ত নামভর্তি বিনামূলীয়া কৰা হৈছে, নৱম শ্ৰেণীৰ ছাত্ৰীক চাইকেল দিয়া হৈছে, উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰীক স্কুটী দিয়া হৈছে, চৰকাৰী চাকৰিত মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে। তেওঁ কয় যে এইখন নতুন অসম। এইখন নতুন অসমক ভৱিষ্যতৰ এখন বিকশিত অসমলৈ, আত্মবিশ্বাসী অসমলৈ ৰূপান্তৰ কৰিব লাগিব। যিখন অসমত বাল্যবিবাহ নাথাকিব, আর্থিক দুৰৱস্থাৰ বাবে কোনো ছোৱালীয়ে আধাতে শিক্ষা সামৰিবলগীয়া নহ’ব আৰু শিক্ষাগ্রহণৰ পিছত নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰিব। অসমত উদ্যোগ স্থাপনৰ নতুন কর্মযজ্ঞ আৰম্ভ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত নিয়োগৰ বাবে উপযোগী কৰিবলৈ অসমৰ ছোৱালীক প্ৰশিক্ষণৰ বাবে বেংগালুৰুলৈ পঠিওৱা হৈছে। অসমৰ নাৰ্ছে ছিংগাপুৰত চাকৰি কৰিছেগৈ। এতিয়া জাপান, দক্ষিণ কোৰিয়া আদি দেশত অসমৰ যুৱক-যুৱতীক ভাল দৰমহাত সংস্থাপনৰ বাবে পঠিওৱাৰ পদক্ষেপ লোৱা হৈছে। নাৰীক সন্মান কৰা, ছাত্ৰীক ঘৰৰ লখিমী হিচাপে গণ্য কৰা, ধ্বংসৰ বিপৰীতে সৃষ্টিৰ, ঘৃণাৰ বিপৰীতে মমতাৰে ভৰা, উন্মাদনাৰ বিপৰীতে চেনেহেৰে নির্মাণ হোৱা এখন সমতাৰ, সমন্বয়ৰ আৰু বিকাশিত অসমৰ স্বপ্নক ৰাজ্য চৰকাৰে বাস্তৱত ৰূপায়িত কৰিব বিচাৰে। মহিলা আৰু ছোৱালীৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- বাল্যবিবাহ ৰোধৰ বাবে আৰক্ষীয়ে ব্যৱস্থা লৈছে, শিক্ষা বিভাগে নিযুত মইনা আঁচনি গ্রহণ কৰিছে, পঞ্চায়তৰ পৰা চৰকাৰী চাকৰিলৈ মহিলাৰ বাবে আসন সংৰক্ষণ কৰা হৈছে, অৰুণোদয়ৰ দৰে আঁচনিৰ জৰিয়তে অসমৰ মহিলাৰ স্বাভিমান ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে সাৰথিৰ ভূমিকা লৈছে, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ সহায়ত অসমৰ মহিলাক ক্ষুদ্র উদ্যোগী হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে। নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হৈছে, নাৰীৰ মৰ্যাদা ৰক্ষাৰ বাবে বহুবিবাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল’ব। যি ধৰ্মৰে নহওক এগৰাকীতকৈ বেছি মহিলা বিয়া কৰোৱা লোকে সাত বছৰ জে’লত থাকিব লাগিব। নিযুত মইনা আঁচনিয়ে স্নাতক শ্ৰেণীৰ পঞ্চম ষাণ্মাসিকত অধ্যয়ন কৰা ছাত্ৰী, ৰাজ্যৰ পলিটেকনিক, আইটিআইত অধ্যয়নৰত ছাত্রীকো সামৰি ল’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ইয়াৰ ফলত আঁচনিখনৰ সুবিধা লাভ কৰা ছোৱালীৰ সংখ্যা ১ লাখ বৃদ্ধি পাব। চৰকাৰৰ লক্ষ্য হৈছে ১০ লাখ ছাত্রীক নিযুত মইনা আঁচনিখনৰ জৰিয়তে শিক্ষাগ্রহণৰ সুবিধা কৰি দিয়া। নিযুত মইনা আঁচনিৰ অধীনত যিমান পুঁজি দিয়া হৈছে সেয়া যথেষ্ট নহয়। অসমৰ দৰে দুখীয়া ৰাজ্য এখনে এফালে বিকাশ কৰিব লাগিব, এফালে পুঁজি সংগ্ৰহ কৰিব লাগিব আৰু এই পুঁজিৰ সমভাৱে বিতৰণ কৰিব লাগিব। যেতিয়ালৈকে অসম শান্তিপূর্ণ হৈ থাকিব, সোণোৱালী হৈ থাকিব, উন্মাদনাৰ স্থান নাথাকিব তেতিয়াহে অসম দোপতদোপে আগবাঢ়ি যাব পাৰিব। মুখ্যমন্ত্রী ড° শর্মাই কয়, এই বছৰৰ মেট্ৰিক পৰীক্ষাৰ্থীক পৰীক্ষাৰ প্ৰস্তুতিত সহায় হোৱাকৈ ১৫ নৱেম্বৰৰ পৰা পৰীক্ষা পর্যন্ত প্রতিমাহে ৩০০ টকাকৈ দিয়া হ’ব। লগতে ফেব্ৰুৱাৰী মাহত নিযুত মইনাৰ সুবিধা পোৱা ছাত্রীসকলক আন এটা ভাল উপহাৰো দিয়া হ’ব। এই অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেণ্ড, সাংসদ ভুবনেশ্বৰ কলিতা, বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, অতুল বৰা, হেমাংগ ঠাকুৰীয়া আৰু দিগন্ত কলিতাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
