নিয়ৰৰ ধেমালি-নিতিষ্মান দাস

Pc facebook

নিয়ৰৰ ধেমালি

নিতিষ্মান দাস
নৱম শ্ৰেণী

শাৰদীৰাণীৰ যেন, বুকুতে নামি আহিল,
সৰগী নৈৰ চেঁচা টোপাল;
শুকান বনকে যেন, আলোকময় দেহাৰে,
কৰিলে পৰশেৰে জীপাল।
শুকান মনতে যেন, সপোন ৰচি যোৱা ই,
কিযে স্নেহ সনা অনুভূতি;
শুকান হিয়াৰ এই, সেউজী ঘন বনৰে,
নিয়ৰেই যে সহানুভূতি।
সেউজীয়া পাতৰ যে, কোমল হিয়াই কান্দে,
বাৰিষাৰ প্ৰণয় সোঁৱৰি;
এনে ভগা হৃদয়তো, জিলিকালে এটি হাঁহি,
মাথোঁ সৰগী পৰশ কৰি।
ধূলিকণাই ভয়তে, উৰিল দূৰলৈ ভাবি,
বৰ্ষাৰ বিনাশী বৃষ্টি বুলি;
ৰাতিপুৱা শুই উঠি, দেখোঁ যে তিৰবিৰোৱা,
ফটিক ধূলিহীন পদূলি।
এনে লাগে যেন এই, নিয়ৰেই নিশাৰ সৌ,
আকাশৰেই আলোকি তৰা;
ধৰণীলৈ নামি আহি, জনায় আমাক যেন,
সপোন দেশৰেই বতৰা।
ফুলৰ পাহিতে পৰি, ফুলৰেই ৰং সানি,
নিয়ৰ যেন ফুলৰ মণি;
চুপহীটি চুমা খাই, হাঁহি এটিৰে জনায়,
মধুৰ সুবাসী আদৰণি।
ৰাংঢালী জিলিকণি, দুৱৰিৰ জিলিকণি,
নিয়ৰেই নমায় আকাশ;
দেৱপুৰীৰ সুন্দৰী, দেৱকন্যাৰ এয়েই,
সৰগী মুকুতাৰ প্ৰকাশ।
মাজনিশা নিয়ৰেই, সাজে মৰীচিকা আনি,
কিনকিনিয়াকৈ বৰষুণ;
সিক্ত বনে উঠে নৱ, জীৱন জ্যোতিৰ গীত,
এতিয়া আৰু নাই কৰুণ।
পুৱতি নিশাত শুনো, সেমেকা শীতৰ সিক্ত,
নিয়ৰৰ টোপ টোপ গান;
মোৰ এই হৃদয়ৰ, নিয়ৰেই নাশি দিয়ে,
কত যুগৰ যে অভিমান।
হিয়াতে সামৰি লওঁ, এই সুখৰ মণিটি,
চেঁচা পৰশ দি গালে;
মন বিমনে ভৰিব, গ্ৰীষ্মকালৰ প্ৰভাতে,
নিয়ৰহীন বনলৈ চালে।