নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল বাহন

নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল বাহন

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰাখণ্ডত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ঘাইপথটোৰ পৰা অলকানন্দা নদীৰ দাঁতিৰ ২৫০ মিটাৰ তলত যাত্রীবাহী ট্ৰেভেলাৰ এখন বাগৰি পৰি ভয়াৱহ দুর্ঘটনাটো সংঘটিত হৈছে।  ২৬জন যাত্রী কঢ়িওৱা ট্রেভেলাৰখন ২৫০ মিটাৰ তলত বাগৰি পৰাত  ১৪জনলোকৰ মৃত্যু  হৈছে আৰু বাকী যাত্রীসকল গুৰুতৰভাৱে আহত হৈছে। গুৰুতৰভাৱে আহত যাত্রীসকলক স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় প্রশাসন আৰু এছডিআৰএফৰ দল উদ্ধাৰ অভিযানত নামি পৰে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুস্কৰ সিং ধামিয়ে তেওঁৰ মাইক্ৰ’ব্লগিং ছাইটত এই শোকাৱহ দুর্ঘটনাটোৰ তথ্য প্রকাশ কৰি স্থানীয় প্রশাসন আৰু এছডিআৰএফক অভিযান চলাবলৈ নির্দেশ দিছে। আহতসকলক চিকিৎসালয়ত পর্যাপ্ত চিকিৎসা সেৱা আগবঢ়াবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে নির্দেশ দিছে । ইপিনে জিলা দণ্ডাধীশক এই ঘটনাৰ তদন্তৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।আঢ়ৈশ মিটাৰ তলত বাগৰি পৰাৰ বাবে বাহনখনত থকা আটাইকেইজন যাত্ৰীৰেই অৱস্থা সংকটজনক হৈ পৰে। ঘটনাস্থলীতে ৮জন লোকে প্রাণ হেৰুওৱাৰ বিপৰীতে বাকী ৬জনক উদ্ধাৰ কৰাৰ পাছত চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু ঘটে। স্থলপথেৰে এম্বুলেঞ্চেৰে সংকটজনক অৱস্থাত সামান্যভাৱে আহতজনক স্থানীয় হাস্পতাললৈ নিয়াৰ বিপৰীতে ৭জনক হেলিকপ্টাৰেৰে এইমছলৈ নিয়া হৈছে। এই যাত্ৰীসকল দিল্লী-নয়দাৰ পৰা আহিছিল বুলি তথ্যত প্রকাশ পাইছে। ইপিনে এই দুর্ঘটনাত প্রাণ হেৰুওৱা লোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে। ইপিনে, এই শোকাবহ দুর্ঘটনাত প্রাণহানি হোৱা লোকৰ প্ৰতিটো পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।