নিয়তিৰ কোলাত চিৰদিনৰ বাবে শুই পৰিল পৰ্বত ভালপোৱা ছোৱালীজনী
ৰঙিলী বাৰ্ত্তাসেৱা- স্ব-গৃহলৈ অনা হ’ল দীপশিখা হাজৰিকাৰ নশ্বৰ দেহ।পৰ্বতাৰোহণৰ এডভাঞ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ গৈ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডা-২ শৃংগ আৰোহণ কৰি ঘূৰি অহাৰ সময়তে হিমস্খলনৰ ফলত সন্ধানহীন হৈছিল অসমৰ দীপশিখা হাজৰিকা।৫ দিনৰ মূৰত হিমালয়ৰ বৰফৰ মাজৰ পৰা মৃত অৱস্থাত উদ্ধাৰ হোৱা দীপশিখাৰ মৃতদেহ দেওবাৰে উত্তৰাখণ্ডৰ পৰা প্ৰথমে দিল্লীলৈ আৰু তাৰ পাছত দিল্লীৰ পৰা অসমলৈ বিমানেৰে কঢ়িয়াই অনা হয়।দীপশিখাৰ শৱদেহ প্ৰথমে নেহেৰু ষ্টেডিয়ামত থকা অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ফটাশিল আমবাৰীস্থিত গীৰ্জালৈও নিয়া হয়।গীৰ্জাৰ পৰা পোনে পোনে মালিগাঁৱৰ আদিংগিৰিৰ কেথলিক খ্ৰীষ্টান সমাধিক্ষেত্ৰলৈ অনা হয়।তাতেই ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰাৰ পাছত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।