নিমাতি কইনা – নিতিষ্মান দাস

নিমাতি কইনা

নিতিষ্মান দাস, নৱম শ্ৰেণী

অ’নিমাতি কইনা, কিয় নিমাতি তুমি,
চেনেহী তুমি মোৰ হৃদয়ৰে;
তোমাৰ চাৱনিয়ে, মিচিকিয়া হাঁহিয়ে,
সাজিদিলে ধৰণী সপোনৰে।
গোপনে কিবা ভাবি, গোপনে মনতে থৈ,
মাতো মাতোকৈ আছে চকুযুৰি;
সৰগৰ যে ফুল, পৰাণৰ যে মণি,
সপোন দেশৰে যেন কুঁৱৰী।
মিচিকিয়া হাঁহিৰে, আমাৰ নিমাতিয়ে,
কাকে বা আছে মনে মনে চাই;
ৰুণঝুন কঙ্কন, কৰিছে যে ভূষিত,
হাঁহিটিয়ে যে আৰু জিলিকাই।
লাজুকী কিয় তুমি? নিমাতি কিয় তুমি?
ক’তেথৈ আহিলা চেনেহী মাত;
বিলৰ যে পদুমী, বহাগৰ যে কপৌ,
নন্দন বনৰ যেপাৰিজাত।
অ’নিমাতি কইনা, চেনেহৰ মইনা,
কথাটি কোৱা তোমাৰ হিয়াৰে;
হিয়াৰ যে আপোন, সোণৰ যে সপোন,
নিমাতি কইনা মোৰ প্ৰাণৰে।