নিমখ
ৰঞ্জন বৰ্মন,
বগীনদী, লখিমপুৰ
সৰুতে প্ৰিয় ব্যঞ্জন নিমখ বোলোতে
হাঁহিৰ চিলা উৰুৱাইছিল লগৰবোৰে
ভোকৰ ভাত মুঠিত
এচিকুত নিমখেই পৰমান্ন
এই কথা সিহঁতে নাজানিছিল
সিহঁতে এইটোও নাজানিছিল
নিমখ নহ’লে যে সুস্বাদু নহয় কোনো খাদ্য
আজিও নিমখ নেচেলাকাকৈ
পাৰ নহয় দিন-ৰাতি
পত্নীয়ে সোধে
কিয় গোন্ধাই গাৰ চোলাবোৰ
ইমান নিমখ
গাৰ পৰা টোপে টোপে সৰি পৰা ঘাম
তেজ কিম্বা চকুপানীৰো যে প্ৰিয় নিমখ
এই কথা পত্নীয়ে নাজানে
আৰু এনেকৈয়ে এদিন
নিমখত ডুবি
শেষ হ’ব – জীৱন