নিভাঁজ অনুভৱ – সংগীতা ডেকা

pc- kellyexeter

নিভাঁজ অনুভৱ 

 সংগীতা ডেকা , ৰঙিয়া

নীলিম প্ৰেয়সী নীলাভ প্ৰিয়া মই
ডাৱৰৰ শুভ্ৰতাত লুকাই থৈছোঁ
সাতোৰঙী সপোনৰ এমুঠি আশা….!
আকাশৰ সীমনাত মেলি দিম আজি ,
কবিতা কবিতা লগা
এক অজান শিহৰণ…..
তুমি বাৰু সজাবানে ?
মোৰ শব্দৰ বিন্যাসত
তোমাৰ হৃদয়ৰ
সেই নিভাঁজ অনুভৱক ?