নিবেদন তোমালৈ
অশ্ৰুসিক্ত নয়ন দুটিৰ আৰ্তনাদ
কোনে বাৰু দেখিব আহি
ব্যস্ত নগৰীৰ ব্যস্ত জনতা সবে
কোনে বাৰু ক্ষন্তেক জিৰাব বহি…
মায়াময় এই ধৰিত্ৰীৰ কুল নাপাই
চকুলোৰেই গভীৰ পানীত
সাঁতুৰি সাঁতুৰি ক্লান্ত হৈ ভাগৰি
বিলীন হয় নিৰ্জন নিশাৰ টোপনিত…..
ৰৌদ্ৰতাপে উতপ্ত কৰে মাটি পানী
শীতলতা বিচাৰি বিচাৰি হয়ৰান
মোৰ হৃদয় যে তপত অগ্নিকুণ্ড
বাৰু শীতলতা বিচাৰিম মই ক’ত….
তোমাৰ মৃদু কোমল মিঠা মাতৰ
দৰৱ দিয়াচোন মোক আহি
মই যে শয্যাশায়ী তোমাৰ অভাৱত
মৰমৰে শেষ বিদায় জনোৱা…..