নিবিচাৰোঁ চাব আৰু এনে দৃশ্য – মুন শৰ্মা

PC - Wallpaper Flare
নিবিচাৰোঁ চাব আৰু এনে দৃশ্য

মুন শৰ্মা, লখিমপুৰ
অন্ত কেতিয়া অশান্ত বিভীষিকা,
পতন কেতিয়া মানৱতাৰ অমানিশা,
শংকাই দেখোন চুমিছে গগণ,
আশংকাই দেখোন গাঁঠিছে পাহাৰ।
হৈছে কি পৰিণাম যুদ্ধৰ!
আধা মৰা মানুহৰ মাত্ৰ চিৎকাৰ,
ভোকাতুৰ মানুহৰ মাত্ৰ বিননি,
প্ৰাণৰ তাগিদাত  মানুহৰ মাত্ৰ দৌৰৰ দৃশ্য।
নালাগে যুদ্ধ কিয় নহওঁক যুদ্ধ
গতি কৰক যুদ্ধ সমাপ্তৰ দিশে,
গতি কৰক স্খলন মানৱতাৰো  বন্ধ দিশে,
নিবিচাৰোঁ চাব আৰু এনে দৃশ্য,
য’ত প্ৰতি ক্ষণে বাজিব ৰংডংকা,
য’ত প্ৰতি পল  বাজিব মৃত্যৰ ঘণ্টা,
মাত্ৰ চাৰিওফালে তেজৰে চেকুৰা,
মাত্ৰ মৃতদেহৰ হাজাৰ শাৰী,
কবৰ স্থান সৃষ্টিৰ  অতি প্ৰয়োজন।।