নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ভৱেশ কলিতাৰ

Pc The Sentinel Assam

নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ভৱেশ কলিতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া চলচ্চিত্ৰ জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীদেৱৰ মৃত্যুত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয়, প্ৰয়াত গোস্বামীয়ে বহু অসমীয়া চিনেমাত বিভিন্ন চৰিত্ৰত মননশীল অভিনয় কৰি অসমৰ সাংস্কৃতিক জগতখনলৈ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। সুদক্ষ অভিনয়েৰে অজস্ৰ দৰ্শকৰ হৃদয় জয় কৰা বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বিয়োগ অসমীয়া চিনেমা জগতৰ বাবে এক অপূৰণীয় ক্ষতি।কলিতাই বৰেণ্য অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ গভীৰ সমবেদনা জনাইছে।