নিথৰুৱা মন-বৰ্ষা ৰাণী মালাকাৰ

PC_LIFEHACK

নিথৰুৱা মন

মন যায় উভতি যাবলৈ এবাৰ অতিতলৈ,
য’ত আৱৰি ধৰিছিল মোক চেনেহৰ বান্ধোনে ।
মন যায় এবাৰ তোমাক আমনি কৰিবলৈ,
খং কৰি মোলৈ চোৱা মুখনি এবাৰ চাবলৈ ।
এতিয়া যেন সেই উৎফুল্লিত নয়নে অন্ধকাৰৰ মাজত হেৰাই থাকিল ।
চিনাকি বাটৰ অচিনাকী নিস্তব্ধতাই
আমনি কৰিবলৈ ধৰিছে মোৰ দেহ-মন।
আকোৱালি লৈছো এই বৰ্তমার্ক,
য’ত নাই তোমাৰ সান্নিধ্য