নিতাল নিশা
দেৱজিত হাজৰিকা, নগাওঁ
নিতাল নিশা,
চেঁচা চেঁচা বতাহে
মোৰ নিস্তব্ধ হৃদয়খনক
লাহে লাহে জোকাৰি যায়।
অন্ধকাৰৰ বুকুত
জ্বলি উঠে কামনাৰ শলিতা,
হৃদয়ে বিচাৰে
এপিয়লা মৰমৰ মদিৰা।
বতাহে আহি
সোঁৱৰাই স্মৃতিলৈ,
পুৰণি স্বপ্নবোৰ
উমি উমি জ্বলি উঠে।
নিশাবোৰ নিতালেই থাকে,
আশাবোৰ ম্লান কৰিবলৈ
চেঁচা বতাহেও
হাৰ মানি যায়।।
