নিতাল নিপাত আজি ৰাতি – প্ৰবীণ কুমাৰ টায়ে 

Pc Unsplash
নিতাল নিপাত আজি ৰাতি
নিঠৰ দেহ তোমাৰ 

প্ৰবীণ কুমাৰ টায়ে 
লালুক লখিমপুৰ 

উজাগৰ ৰাতি
নিৰৱ হৈ ৰল আকাশখন
নিলৰঙী সপোনত ডুব গল।
জখলা বগাই আকাশখন
চুই চোৱা হেঁপাহেৰে কলিতে সৰি পৰিল।
উম্মাদ কিৰিলিয়ে আন এখন নতুন আকাশ বিচাৰি
ডেউকা ভঙা অসহায় হৈ পৰিল নিশব্দ পক্ষী হৈ।
সময়ৰ সোঁতত নীসংগতাক সংগী কৰি
হাঁহি হাঁহি মৌনতা সপোনত সাঁতুৰি জাহ গল
জলন্ত জুইত ।
আধৰুৱা প্ৰেমৰ বেদনাত
নদ-নদী পাহাৰ,পৰ্ব্বত,
জীৱ – জন্তু চৰাই,চিৰকতিৰ
বুকুতে বিষাদবোৰ বান্ধি
নিৰৱ নিথৰ হৈ পৰিল।
সিপাৰৰ পৰা ধুনীয়া হাঁহিটো
ঘূৰাই আনিব পাৰিম নে ?
দেখিও চাৰিওফালে কেৱল যন্ত্ৰণা আৰু যন্ত্ৰণা
তথাপিও শূণ্যত গদা হৈ ঘূৰি
ভাল লগা আৰু ভালপোৱা বহু মিঠা শব্দৰ বুকুতে লৈ
মৰি মৰি জীয়াই থাকিও
বহু অজুহাত দেখুৱাই
আচিন দেশলৈ গুচি গল।
কোনেও নুবুজিল
সাগৰৰ গভীৰতা
হৃদয়ৰ ভাষাক।