চুটিগল্প~
নিঠৰুৱা
হুইল চেয়াৰখন ঠেলি ঠেলি ৰমেন ককাইদেউ বাট লৈকে আহিলে। আবেলি পৰত কৰবালৈ তেওঁ ওলাই গৈ ভাল পাইছিল। পিছে এতিয়া কেনেকৈ যাব! সম্পৰ্কত খুড়া তথাপি ককাইদেউ বুলি মাতিলে ভাল পাই। মইনা বৌয়ে আজিকালি মন মাৰি নাথাকে , যোৱা কেইবছৰমান আমন জিমণ কৈ কেৱল অকলে আছিল , আকাশ পাতাল ভাবি চিন্তি। আগপিনে টি. ভি. লগোৱা দেখি সোমাই গলো। তাত দেখিলোঁ আকৌ কৰবাত বোমা বিস্ফোৰণ! কোঠাটোত থকা সোনপোনা ৰ ফটো খন নীৰৱে চাই আছিল ককাইদেউ হওঁতে। মই কিবা কোৱাৰ আগতেই তেওঁ আঁতৰি গল। ২০০৮ ত গুৱাহাটীত বোমা বিস্ফোৰণত ভৰিহাল ঘুনিয়া হল খুঁড়াৰ আৰু সেই বিস্ফোৰণত মৃত হোৱা সোনপোনাৰ ফটো খন চাই আজিও মাক বাপেক হালে নিঠৰুৱা অনুভৱ কৰে! ৱাল খনৰ পিনে চাই যেন মই তাকেই অনুভৱ কৰিলোঁ যে নিৰীহ জীৱন বোৰ এইদৰেই হেৰাই যায়। ক’ত সপোন হেৰাই যায় আৰু ক’ত পৰিয়াল এইদৰেই বাস্তৱত নিঠৰুৱা হয়।
অশ্লেষা স্ৰাৱৰ্ণী
,২০২১
,২০২১ মীন মহাবিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয়
ৰহা
