নিজ ভাতৃয়ে ৰচিছিল বন্দনা দাস হত্যাকাণ্ডৰ ব্লুপ্ৰিন্ট 

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ খাৰঘুলিত সংঘটিত বন্দনা দাস হত্যাকাণ্ডই লৈছে নতুন মোৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য। আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত খবৰ অনুসৰি, মৃত বন্দনা দাসৰ ধনৰ সকলো লেনদেন কৰিছিল তেওঁৰ ভাতৃ ভাস্কৰ জ্যোতি দাসে। ভাস্কৰৰ হাতত আছিল বন্দনাৰ বেংকৰ সকলো নথি-পত্র। শেহতীয়াকৈ ৪৫ লাখ টকাৰ ভূমি বিক্রীৰ যা-যোগাৰ চলাইছিল বন্দনা দাসে। সেই ধনৰ লালসাতেই বন্দনাক হত্যাৰ ষড়যন্ত্র কৰিছিল ভাতৃ ভাস্কৰ দাসে । ৪৫ লাখ টকা নিজেই আত্মসাৎ কৰাৰ পৰিকল্পনা কৰিছিল ভাস্কৰে। পৰিকল্পনা অনুসৰি, ঘটনাৰ মূল মাষ্টাৰমাইণ্ড ভাস্কৰে ৰাতুল দাসক ধনৰ লালসা। সম্পত্তিৰ এটা অংশ ৰাতুল দাসক দিয়াৰ দিছিল প্রতিশ্রুতি কৰিছিল ভাস্কৰে। ভাস্কৰ দাসক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজি আদালতত হাজিৰ কৰোৱা হ’ব ভাস্কৰ জ্যোতি দাসক।