নিজৰ নিয়ন্ত্ৰণৰ থকা বিষয়,বস্তুৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Getty Images
নিজৰ নিয়ন্ত্ৰণৰ থকা বিষয়,বস্তুৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমি প্ৰায় প্ৰতিজন মানুহৰে জীৱনত যিবোৰ বিষয়,বস্তুৰ প্ৰধান্য একেবাৰে নাই বুলিয়েই কব পাৰি সেই বিষয়, বস্তুৰ প্ৰতি লালসা অত্যাধিক ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হয়। আচলতে আমি আমাৰ নিয়ন্ত্ৰণত থকা বিষয়, বস্তুৰ প্ৰতি একেবাৰে সামান্য ধৰনে চিন্তা-চৰ্চা কৰো বা মহত্ব প্ৰদান কৰো নহয়নে ? আমি যদি আমাৰ লগত যিবোৰ বিষয়, বস্তু বৰ্তমান সময়ত উপলব্ধ নাই বা বৰ্তমানে আমি যিকোনো প্ৰকাৰে নিজৰ দখললৈ আনিবলৈ সম্ভৱ নহয় তেনেধৰনৰ বিষয়ত  নিজৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰি হিনমান্য বা মানসিক অশান্তিত ভুগি জীৱন নিৰ্বাহ কৰাতকৈ ,নে আমাৰ লগত বৰ্তমান সময়ত একেবাৰে সহজাত ৰূপত যিখিনি উপলব্ধ আছে সেইবোৰ বিষয়-বস্তুৰ প্ৰতি মনোনিবেশ কৰা উচিত হ’ব ? অৰ্থাৎ মোৰ কথাবোৰৰ তাৎপৰ্য এইটোৱে যে, নিজৰ নিয়ন্ত্ৰণৰ থকা বিষয়,বস্তুৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক। বৰ্তমান সময়ত আমি প্ৰায়বোৰ মানুহে নিজৰ জীৱনত চলিত পৰিস্থিতিৰ প্ৰতি ঈশ্বৰ,আল্লা বা অন্যান্য মানুহক সদায় দোষাৰোপ কৰি থকাতকৈ নিজে কিদৰে কঠোৰ সংগ্ৰাম আৰু সৎ কৰ্মৰ জৰিয়তে উন্নতিৰ মাৰ্গ প্ৰশস্ত কৰি আগুৱাই যাব পাৰি তাৰে অহৰহ চিন্তা কৰা উচিত হ’ব। নিজ সদায় সৎ কৰ্ম আৰু যথোচিত জীৱন সংগ্ৰামৰ জৰিয়তে যিবোৰ বিষয়-বস্তু ওপৰত নিজস্ব দখল সাব্যস্ত কৰিবলৈ সক্ষম হৈছে তাতেই সুখী বা আনন্দৰ উপভোগ কৰা উচিত হ’ব। কাৰণ হ’ব পাৰে মই একেবাৰে দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ এই মোৰ ভাগ্যৰ ফল কিন্তু দৰিদ্ৰ সীমাৰেখাৰ পৰা উপৰলৈ উঠিবলৈ মই এতিয়ালৈকে কি ধৰনৰ কৰ্ম-কাৰ্যৰ লগত জড়িত হৈ পৰিছো এইটো কেৱল মাত্ৰ আমাৰ ওপৰতে নিৰ্ভৰশীল। সেয়েহে নিজৰ জীৱন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ’লে নিজতকৈ সদায় নিম্ন শ্ৰেণীৰ লোকৰ জীৱন প্ৰক্ৰিয়াৰ ওপৰত দৃষ্টি প্ৰদান কৰা উচিত আৰু যদি জীৱনত উন্নতিৰ পথ প্ৰশস্ত কৰিবলৈ হ’লে সফল ব্যক্তি সকলৰ জীৱনক অনুকৰণ কৰা উচিত হ’ব। আমি দেখি থাকো যিবোৰ মানুহৰ দুয়োখন হাতে নাইকীয়া তেওঁলোকে অন্যান্য সুস্থ,সবল মানুহৰ শৰীৰবোৰ দেখি নিজৰ মা-দেউতা বা ঈশ্বৰ, আল্লাক দোষাৰোপ কৰাতকৈ তাৰ বিকল্প স্বৰূপ নিজে বিচৰা কৰি উলিয়ায়। আৰু এতিয়ালৈকে বহু দিব্যাংগ ব্যক্তিসকলে বিশ্বজয়ী কৰিবলৈওঁ সক্ষম হোৱা নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ নহয়নে ? গতিকে সদায় নিজৰ নিয়ন্ত্ৰণৰ থকা বিষয়,বস্তুৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক আৰু সুখী জীৱনৰ ৰূপৰেখা অংকন কৰি যাওঁক।