নিজৰ ঘৰ-পৰিয়ালৰ মানুহখিনিৰ বাহিৰে আনৰ কথা ভবা মানুহৰ সংখ্যা কম
শৈলেন কুমাৰ,মিৰ্জা
আমি বৰ্তমান যান্ত্ৰিক আৰু কৃত্ৰিম ভাবধাৰা লৈ চলিবলৈ আৰম্ভ কৰিছোঁ ৷ বৰ্তমান নিজস্ব ঘৰ-পৰিয়ালৰ মানুহখিনিৰ বাহিৰে আনৰ কথা ভবা অথবা চিন্তাচৰ্চা কৰিবলৈ আমাৰ আহৰি নাই ৷ যিটো আমি সাধাৰণতে মানৱতাৰ স্খলন বুলি পৰিহিত কৰিব পাৰোঁ ৷ কেৱল ব্যক্তিগত চিন্তাধাৰা,নিজস্ব হিতৰ চিন্তাই আমাক শোষিত তথা গুলামীৰ ফালে প্ৰক্ষেপিত কৰিছে ৷ আমি নিজস্ব হিতৰ চিন্তা কৰি নিজস্বতা হেৰুৱাই পেলাইছোঁ ৷ আনক প্ৰত্যাহ্বান জনাই,আনক হিংসা,ঈৰ্ষা কৰি নিজে নিজৰ প্ৰত্যাহ্বান হৈ পৰিছোঁ ৷ আমি নিজক ওপৰত উঠোৱাৰ বাবে আনক তললৈ নমোৱাব বিচাৰোঁ ৷ কাৰো প্ৰতি কাৰো হৃদয়ত দয়ামমতা নাই, কেৱল স্বাৰ্থৰ বাবেহে মুখত হাঁহি আৰু সহ্য কৰিব নোৱাৰিলে মুখত গালি ৷ উত্তেজিত ভাবে উনমাদনাত লিপ্ত হৈ কেৱল দৌৰিছোঁ অবিনাশী কল্পনাৰ হাবিয়াসত ৷ কিয় দৌৰিছোঁ,কি কাৰণে দৌৰিছোঁ,লক্ষ্য কি ? থমকি ৰৈ ভাবি চাবলৈ আমাৰ আহৰি নাই ৷ সাগৰৰ ঢৌবোৰৰ দ্বৰে এটাৰ পাছত আনটো উঠিছে আৰু নামিছে,বিলীন হৈছে বিশাল সাগৰত চিনচাব ক’ত নাই ৷ আমাৰো জীৱনবোৰ ঠিক সেই সাগৰৰ ঢৌবোৰৰ দ্বৰে এটাৰ পাছত আনটো প্ৰবাহিত হৈছে আৰু শেষত শূন্যতাৰ সাগৰত বিলীন হৈছে ৷ কিন্তু জোৱাৰভাটা সৃষ্টিকাৰী বিশালতা হৃদয়ত নাই ৷ ক্ষুদ্ৰ,সংকোচিত,ঠেক মনোভাৱলৈ বিশাল সাগৰৰ মাজত অস্তিত্বৰ অনুসন্ধানত অহৰহ চেষ্টা চলাই আছোঁ,জানোবা কোনোবাই অলপ সঁহাৰি জনাই,অলপ প্ৰশংসা কৰেই যাৰ সহায়ত আমি অমানৱীয় নিৰ্দয়ভাৱে অট্টহাস্য কৰিব পাৰোঁ ৷ কথাবোৰ এনেধৰণৰ হয় কাটি আছোঁ ঘোঁৰাৰ ঘাঁহ কল্পনা সপোনবোৰ ৰজাঘৰীয়া ৷ ময়েই শ্ৰেষ্ঠ মোৰ বাহিৰে অদ্বিতীয় আৰু কোনো নাই, অহংকাৰৰ চিৎকাৰ ৷ ৰজাৰ কল্পনাৰ ৰাজ্যত নিগনী এটাও হাতীৰ সদৃশ ৷ ৰজাই ৰামৰাজ্য স্থাপন কৰিছে,প্ৰজাগণে ৰাজ্যখন ৰজাৰ জয়ধ্বনিৰে মুখৰিত কৰিছে ৷ উনমুক্ত ৰজাৰ প্ৰজাগণ নিচাসক্ত, অসচেতন মনলৈ সচেতন দেখুৱাবলৈ আমাৰ অংগীমা- ভংগীমা ৷ মানৱজাতিৰ আজি মানৱতাৰ স্খলন, নিজৰ মাজত নিজক বিচাৰি হাবাথুৰি খাই হায়ৰান ৷