নিজৰবোৰ ঢাকি ৰাখে,আনৰবোৰ খুচৰি ফুৰে – শৈলেন কুমাৰ

নিজৰবোৰ ঢাকি ৰাখে,আনৰবোৰ খুচৰি ফুৰে 

 শৈলেন কুমাৰ,মিৰ্জা ( কামৰূপ )

আমি আধুনিক সমাজৰ মানুহ ৷ বৰ্তমান আমাৰ দেহমন আধুনিকতাৰে ভৰা,আজি চৌদিশে চকু ফুৰালে প্ৰগতি,বিকাশ,উন্নয়নৰ জয়ধ্বনি ৷ আমি বাহ্যিকতাৰ দিশত যিমানেই উন্নতি নকৰোঁ কিয়,কিন্তু আন্তৰিক দিশত আমি কিমান উন্নত সেয়া এক বৃহৎ প্ৰশ্ন ? আমি বস্তুক মুল্য দিওঁতে,মানৱৰ পৰা দানৱত ৰূপান্তৰিত হৈছোঁ ৷ আমাৰ কেৱল নিজস্ব স্বাৰ্থ সিদ্ধি হ’ব লাগে তাৰবাহিৰে কোনোবাই জীয়াই থাকে অথবা মৰিয়েই যাই তাত আমাৰ ভাবিব লগা নাই ৷ পেটৰ ভোক আৰু মনৰ ভোক দুটা পৃথক বস্তু ৷ খাদ্য গ্ৰহণ কৰিলে পেটৰ ভোক দূৰ কৰিব পাৰি কিন্তু মনৰ ভোক মানুহৰ তেজ শুহি খায়ো দূৰ কৰিব নোৱাৰি ৷ আমি আনৰ মুখমণ্ডলৰ কথা বৰ্ণনা কৰোঁ কিন্তু নিজৰ মুখমণ্ডলৰ কথা পাহৰি যাওঁ ৷ আমি সভ্য সমাজৰ অসভ্য মানুহ অথচ আমি গৌৰৱ কৰোঁ আমি সভ্য বুলি ৷ মিছা মান-অহংকাৰক লৈ গৌৰৱ কৰি আমি পৃথিৱীৰ য’ত কু-কীৰ্তি আছে সকলোতে লিপ্ত হওঁ আৰু এটাসময়ত এই জগতৰ পৰা অন্তৰ্ধান হওঁ ৷ কথা সিহঁতৰ লাখটকীয়া কিন্তু যোগ্যতা শ্মশানৰ ছাঁই হোৱা ৷ বৰ্হিজগতত ঘূৰি এটা জীৱন পাৰহৈ যায় কিন্তু নিজক চোৱাৰ আহৰি আমাৰ নাই ৷ কুকুৰবোৰ দেউলীয়া হ’লে যেনেদৰে আনক কামুৰিবলৈ বিচাৰি ফুৰে ঠিকে তেনেকুৱা অৱস্থা আমাৰ হৈছে ৷ নিজৰ লগত হোৱা অন্যায়ৰ পোতক আমি আনক অন্যায় কৰি লওঁ ৷ যাৰবাবে গংগাত স্নান কৰিলেও আমি মুক্তি নাপাওঁ ৷