নিজে কি ভাবি আছো নিজৰ বিষয়ে সেইটোৱেহে বেছি মহত্ত্বপূৰ্ণ

P.C. ISTOCK

নিজে কি ভাবি আছো নিজৰ বিষয়ে সেইটোৱেহে বেছি মহত্ত্বপূৰ্ণ:-
……………………………………………………………..
“न हि सुप्तस्य सिंहस्य प्रविशंति मुखे मृगाः।”
ওপৰত উল্লেখ কৰা সংস্কৃত শ্লোকৰ অৰ্থ হল, যেনেকৈ শুই থকা সিংহৰ মুখত হৰিণা এজনী কেতিয়াও নিজে আগুৱাই নাহে। অৰ্থাৎ হব পৰে সিংহ হল বনৰ ৰজা তথাপিও সিংহই নিজৰ পেট ভৰাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লগীয়া হয় নহয়নে ? ঠিক সেইদৰে আমি কিবা এটা লক্ষ্যত উপনীত হবলৈ হলে মনত সেই বিষয়ে ভাবি ভাবি বহি থাকিলেই নহব। যিকোনো ধৰণৰ লক্ষ্য উপনীত হবলৈ হলে প্ৰথমে তাৰ বাবে কঠোৰতম পৰিশ্ৰম কৰিবলৈ প্ৰস্তুত থাকিব লাগে। এতিয়া কথা হল আমি জীৱনত সদায় আনে আমাৰ বিষয়ে কি বা ভাবি আছে নাইবা কি বা ভাবিবলৈ ধৰিব বুলি নিজ কৰিবলৈ আৰম্ভ কৰা একেবাৰে সঠিক বা ভাল কৰ্ম সমূহকো আমি হয়তো আৰম্ভ কৰিবলৈ অসমৰ্থ হৈ পৰো বা কিছুমান মানুহে কৰি থকা ভাল কৰ্মবোৰো আধাতে এৰি দিব লগিয়া হৈ পৰে। ইয়াৰ একমাত্ৰ কাৰণ হল আমি নিজকে এৰি দি অন্যান্য মানুহৰ বিষয়ে নানান ধৰণৰ বহু বেছি মাত্ৰাত চিন্তা-চৰ্চা আৰম্ভ কৰি দিওঁ। ফলত আমি নিজে নিজেই একোৱেই গম নোপোৱাকৈ নিজৰ অনিষ্ট সাধন কৰি লও। আপুনি যেতিয়া নিজ ইচ্ছামতে এটি সুন্দৰকৈ ঘৰ সাজিবলৈ ইচ্ছা প্ৰকাশ কৰে তাতে আপুনি দেখিবলৈ পাব যে নানান মানুহৰ নানান ধৰণৰ ভাল আৰু বেয়া দুয়োটা ধৰণৰ মতামত আহি ওলাই পৰিব। এতিয়া প্ৰকৃত কথাটো হল এইটোৱেই যে আপোনাৰ বা কেনেদৰে, কেনেকুৱাকৈ ঘৰ সাজিবলৈ ইচ্ছা আছে সেইটোৱেই ডাঙৰ কথা। কিছু ভাল মতামত আহিলেও আপোনাৰ যদি প্ৰয়োজন আছে তেন্তে গ্ৰহণ কৰক। আৰু যদি ভাল মতামত হলেও যদি আপোনাৰ বাবে অপ্ৰয়োজনীয় হয় তেন্তে বাদ কৰি দিয়ক।
আচলতে আমাৰ ভাৰতবৰ্ষতে বৰ্ত্তমান সময়ৰ জনসংখ্যা হল প্ৰায় ১৫০ কোটিতকৈ অধিক। এতিয়া নিজে যদি ভাবি থকা বিষয়বোৰ মানুহে যদি কি বা ভাবিব বুলি বহি থাকিলে কেৱল এটা বা দুটা মানুহৰ কথা চিন্তা কৰিয়ে আমি কৰি থকা কামবোৰ হয়তো কেতিয়াবা আধাতে এৰি দিওঁ নহয়নে ? কিন্তু এজন বা দুজনমান মানুহৰ কথা কেবল চিন্তা কৰা মাত্ৰেই যদি আপোনাৰ কৰ্মত ব্যাঘাত সৃষ্টি কৰিব তেন্তে এজন এজন ৰাজনেতা সমূহক লক্ষ্য কৰি চাওক তেওঁলোকে কেনেদৰে অসংখ্য মানুহৰ কথাবোৰ মুখামুখি কৰি এক সুন্দৰ ৰূপত জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে। প্ৰতিগৰাকী ৰাজনেতা সমুহে মোৰ আৰু আপোনালোকৰ দৰে এজন সামান্য মানুহে নহয় জানো ? ইয়াতে কিছুমান মানুহে উল্লেখ কৰিব যে, মানুহৰ বিভিন্নতা অনুসৰি প্ৰতিজন মানুহৰ শক্তি, ক্ষমতা সমূহ বিভিন্ন ধৰণৰ হোৱা পৰিলক্ষিত হয়। কিন্তু মই ইয়াতে স্পষ্টকৈ উল্লেখ কৰি দিওঁ যে, মানুহৰ ক্ষমতা সমূহৰ ওপৰত ভিন্নতা থকিলেও প্ৰতিজন মানুহে নিজে প্ৰথমতে নিজৰ বিষয়ে চিন্তা-চৰ্চা কৰি আগুৱাই যোৱাটো এশ শতাংশয়ে সম্ভৱপৰ হয়। তথাপিও আমি প্ৰয়বোৰ বুদ্ধিজীবি সকলে কেৱল আন মানুহৰ কথাবোৰকে লৈ সদায় ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ পৰিণতি ইমানেই ভয়াৱহ হয় যে আমি কেৱল ইয়াক সময়বোৰ উকলি যোৱাৰ পাচতেহে অনুভৱ কৰিবলৈ সম্ভৱ। সেয়েহে অন্যান্য মানুহে কি বা ভাবি আছে আমাৰ বা মোৰ বিষয় সেইবোৰ একেবাৰে মস্তিষ্কৰ পৰা চিৰদিনৰ বাবে আতৰ কৰি নিজে কি ভাবি আছো নিজৰ বিষয়ে সেইটোৱেহে বেছি মহত্ত্বপূৰ্ণ।
……………………………………
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম