নিজে কষ্টত থাকি বেলেগক সহায় কৰাৰ একো অৰ্থ নাই – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Adobe Stock

নিজে কষ্টত থাকি বেলেগক সহায় কৰাৰ একো অৰ্থ নাই…

  চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

মানুহ মাত্ৰেই স্বাৰ্থপৰ। তথাপিও বৰ্তমান সময়তো এনে কিছুমান মানুহ আছে যিবোৰে একেবাৰে কম স্বাৰ্থৰ বিনিময়ত বা কেতিয়াবা নিস্বাৰ্থভাবে এজনে আনজনৰ কষ্টৰ বুজ ল’বলৈ অগ্ৰসৰ হোৱা দেখা যায়। ইয়াতে নিজ নিজ পিতৃ, মাতৃৰ কথা আনতকৈ পৃথক হোৱাটো স্বাভাৱিক। অৰ্থাৎ মই কোৱাৰ তাৎপৰ্য এইটোৱে যে, মানুহে মানুহক সহায় কৰাটো উচিত। তথাপিও নিজে কষ্টত থাকি বেলেগক সহায় কৰাৰ আজিৰ সময়ত একো অৰ্থ নাই যেন মোৰ অনুভৱ হয়। কাৰণ বৰ্তমানে আপুনি আনৰ দুখ-কষ্ট বুজিবলৈ যত্ন কৰিলেওঁ অন্যান্য মানুহে আপোনাৰ কষ্টৰ সময়ত সহায় কৰাৰ বাবে অগ্ৰসৰ হোৱা একেবাৰে বহু কম মাত্ৰাত দেখিবলৈ পোৱা যায়। সেয়েহে এতিয়া পৰাপক্ষত প্ৰথমতে নিজৰ সুবিধাজনক স্থিতি সমূহ বিচাৰ কৰি তাৰ পৰবৰ্তী সময়চোৱাত আনক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব  লাগে। কাৰণ খুব সম্ভৱ এতিয়াৰ সময়ত ধৰিললো আপুনি কোনো এজন ব্যক্তিক হয়তো নিজে অসুবিধাত পৰি হ’লেওঁ তেওঁক আপুনি বহু ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে নাইবা বহু ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিছে।এনেতে আপুনি নিজ চকুৰে পৰিলক্ষিত কৰিবলৈ সক্ষম হ’ব যে, সেই মানুহজনে আপোনাৰ কষ্টবোৰৰ উচিত মূল্যাংকন কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। এইয়াই হ’ল বৰ্তমান সমাজৰ আৰু বৰ্তমান পৰিস্থিতিৰ এক বাস্তৱ ছবি। আমাৰ অতীতৰ তুলনাত এতিয়াৰ মানুহৰ মানসিক ভাবধাৰাৰ ওপৰত বহু পৰিবৰ্তন আহি পৰিছে। এতিয়া আপোনাক যদি কষ্টত বা অসহায় অনুভৱ কৰে তেন্তে মানুহবোৰে এতিয়া আপোনাক সহায় কৰাৰ পৰিৱৰ্তে আপোনাৰ অসহায় অৱস্থাৰ সুবিধা উঠাবলৈয়ে যত্ন কৰা দেখা যায়। এইখিনিতে কথা এটা কৈ থওঁ যে, মানুহে মানুহক সহায় কৰাৰ ক্ষেত্ৰত মোৰ কোনো নকাৰাত্মক ভাবধাৰা নাই। মানুহ মানুহক সহায় নকৰিলে অন্য কোনেনো আহি কৰিবনো। কিন্তু এতিয়াৰ সময় অনুসৰি এটা কথা স্পষ্ট ভাবে উল্লেখ কৰিব বিচাৰোঁ যে, নিজৰ সুবিধাজনক স্থিতিৰ ওপৰত প্ৰথমে দৃষ্টি নিক্ষেপ কৰক । অৰ্থাৎ নিজে কষ্টত থাকি বেলেগক সহায় কৰাৰ প্ৰতি কেতিয়াওঁ অগ্ৰসৰ নহ’ব। নহ’লে আপুনি জগতৰ দুখ-কষ্ট বুজিবলৈ সক্ষম হ’লেও জগতে কিন্তু আপোনাৰ দুখ-কষ্টৰ বুজ ল’বলৈ ওলাই নাহিব। সেই তেতিয়াহে আপুনি একেবাৰে স্পষ্ট ৰূপত বুজিবলৈ সক্ষম হ’ব,নিজে কষ্টত থাকি বেলেগক সহায় কৰাৰ একো অৰ্থ নাই ।