নিজেই নিজক বিচাৰি
সত্যজিৎ গগৈ
বামুণী গাওঁ
প্ৰখৰ ৰ’দত বহল পথাৰখনৰ বুকুত
এখন কোৰ লৈ কোনোবাই খান্দি আছে
ঘামেৰে বোৱাই দিয়া এখন শীতল নৈ
আনফালে দেশৰ জনতাই লঘোণ দিছে,
আলু-পিঁয়াজৰ মালা পিন্ধি গৰুৰ গাড়ীত
সৌৱা কোন জগতৰ পলাতক কবি!
ভিৰৰ মাজত কেতিয়াবা নিজেই নিজক বিচাৰি
এখন দুখনকৈ ক’ত চহৰ চলাথ কৰোঁ
ক’তবাৰ মৰি মৰি জী উঠো
সেউজীয়া পৃথিৱী এখনত বহি
হাত দুখন মেলি মুদি দিওঁ দুচকু,
এটুকুৰা কেঁচা ঘাঁ আৰু বুদ্ধই চাই দিয়া
মোৰ হাতৰ তলুৱাৰ ৰেখাবোৰক প্ৰশ্ন কৰোঁ
মই ক’ত আছোঁ আৰু কিহৰ বাবে আছোঁ?
এনে বহু প্ৰশ্নৰ মাজত সোমাই
মই হেৰুৱাই পেলাইছোঁ নেকি
শস্য-শ্যামলা মোৰ ধুনীয়া আইক
নে নিৰুদিষ্ট শিল্পী আৰু কবিৰ দৰে
ক’ৰবাত এৰি থৈ আহিছোঁ নিজক…!