নিজান ৰাস্তাৰ লগৰী – লখিমী শৰ্মা

 নিজান ৰাস্তাৰ লগৰী 
লখিমী শৰ্মা, যোৰহাট
দীপ্তি আৰু পপী দুয়োজনী বৰ নলে গলে লগা বান্ধৱী । দুয়োজনী অষ্টম শ্ৰেণীত পঢ়ে । কিন্তু দীপ্তি আৰু পপীৰ মাজত প্ৰায়েই কাজিয়া হৈ থাকে । কেতিয়াবা দুয়োজনীয়ে কাজিয়া লাগি দুই তিনিদিনলৈকে নমতাকৈও থাকে ।এবাৰ সিহঁতৰ মাজত এটা কলমৰ বাবে দুৰ্ঘোৰ কাজিয়া লাগিল । দীপ্তিয়ে বাহিৰলৈ যাওঁতে পপীয়ে তাইৰ কলম লুকুৱাই থ’লে আৰু দীপ্তিয়ে বাহিৰৰ পৰা আহি কলমটো বিচৰাত ক’লে – ‘ মই নাজানো , তুমিহে জানা তোমাৰ কলমৰ কথা ‘ । তেতিয়া দীপ্তিয়ে ভালদৰে বিচৰাত তাইৰ কলমটো পপীৰ বেগত পালে । তেতিয়াৰে পৰা দুয়োজনীৰ মাজত দুৰ্বাদল কাজিয়া আৰম্ভ ।দীপ্তিয়ে খঙেৰে পপীক ক’লে – ‘ তোৰ মাৰ – বাপেৰ নাই নেকি কলম কিনি দিবলৈ , আনৰ কলম যে আঁজুৰি ফুৰিছ ‘। তেতিয়া পপীয়েও কান্দি কান্দি চিঞৰি ক’লে –  ‘ অ ‘ নাই মোৰ মা , দেউতা , তুমি নাজানা নেকি ? ধেমালিতে তুমি মোক আজি বৰ ডাঙৰ কথা এটা মনত পেলাই দিলা যে মোৰ নিজৰ মা – দেউতা নাই । মই যে ডাষ্টবিনত পৰি থকা এজনী দুৰ্ভগীয়া ছোৱালী ।এইবুলি কৈ তাই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অনুমতি নোলোৱাকৈ বিদ্যালয় গৃহৰ পৰা ওলাই গ’ল । বাকী ছাত্ৰ – ছাত্ৰী বোৰে প্ৰধান শিক্ষকক ঘটনাটোৰ সন্দৰ্ভত কৈ দিয়াত দীপ্তিক কাণত ধৰাই আঠু কঢ়াই থ’লে ।ইয়াৰ পাছৰ পৰা দীপ্তি আৰু পপীৰ মাজত মাতবোল নোহোৱাৰ দৰে হ’ল । বিদ্যালয়লৈ আহোঁতেও দুয়োজনী বেলেগকৈ আহে। শ্ৰেণী কোঠাত পপীয়ে প্ৰায় মন মাৰি বহি থাকে । তেতিয়া অৱশ্যে দীপ্তিৰ মনটো বৰ বেয়া লাগে । সেইদিনা পপীক তাই সঁচাকৈয়ে বৰ বেয়াকৈয়ে ক’লে । ইমান সৰু এটা কথাত তাই পপীক বৰ বেয়া ব্যৱহাৰ কৰিলে । সেয়েহে এদিন দীপ্তিয়ে দোষী দোষী ভাৱে পপীক ক’লে – ‘ পপী , মোৰ ভূল হৈ গৈছিল । সিদিনা তোমাক মই বৰ বেয়াকৈ ক’লো । মই তোমাক তেনেকৈ ক’ব নালাগিছিল । মোক তুমি ক্ষমা কৰি দিবানে  ? – এই বুলি কৈ তাই হুক্‌ হুক্‌কৈ কান্দি উঠিল । দীপ্তিক কন্দা দেখি পপীৰো দুচকু লোতকেৰে ভৰি পৰিল । পপীয়ে সেমেকা দুচকুৰে কৈ উঠিল- ‘ দীপ্তি নাকান্দিবা , মোৰো তোমাৰ লগতে সমানে ভূল হৈছিল, মই তোমাৰ কলমটো তেনেকৈ লুকুৱাব নালাগিছিল । বাৰু যি কি নহওঁক আজিৰ পৰা আমি কেতিয়াও কাজিয়া নকৰোঁ । কান্দোন সামৰি দীপ্তিয়ে ক’লে- ‘ পপী আমি  আজিৰ পৰা কাজিয়া নকৰোঁ বুলি সংকল্প লওঁ আহা!’ দীপ্তিয়ে পপীক উদ্দেশ্যি ক’বলৈ ধৰে, এতিয়া কোৱাছোন তোমাৰ মা আৰু দেউতা কেনেকৈ ঢুকাইছিল- বহু বছৰ হ’ল মা – দেউতা ঢুকোৱা । আজিৰ পৰা প্ৰায় ৭/৮ বছৰৰ পূৰ্বে মা – দেউতা ঢুকাইছিল।দেউতা আগতে ঢুকাইছিল গাড়ী দুৰ্ঘটনা এটাত । কামৰ ঠাইৰ পৰা উভতি আহি থাকোঁতে আমাৰ ঘৰৰ পৰা অলপ আগলৈ গৈ এটা পুল আছে পুলটো গৈ পোৱা ঠাইখিনিতে গাড়ী দুৰ্ঘটনাত পৰি দেউতাৰ মৃত্যু হয় । তাৰ পিছত মা ঢুকাইছিল । মোৰ মনত পৰা মতে , মায়ে গধূলিৰ সময়খিনিত সদায় ৰাস্তালৈ খোজ কাঢ়িবলৈ বুলি যায়, ফ’নটো কাণত লৈ । বহু সময় ধৰি কথা পাতি পাতি  পুলটোৰ কাষলৈ বুলি ! বহুত সময়ৰ মূৰতহে ঘৰ আহি সোমাইহি । আৰু সেই মা যে যায় সদায় দৰে উভতিয়ো আহে ঘৰলৈ।কিন্তু এদিনাখন কি হ’ল শুনা কওঁ… আনদিনাৰ দৰে সেইদিনাখনো মায়ে ৰাস্তালৈ গৈছিল, পুলটোৰ দাঁতিলৈ । ফ’নত কথা পাতি পাতি  আৰু সেইদিনাখন উভতি নাহিল।মানুহে কোৱামতে, দেউতায়ে বোলে মাক দেউতাৰ ওচৰলৈ লৈ গ’ল । আকৌ আন একাংশই  কয়, মায়ে কিবা খাই মৰিল বুলি । মুঠৰ ওপৰত সেইদিন ধৰি মা ৰ আৰু কোনো সন্ধান নোলাল।এতিয়াটো মই আইতা আৰু ককাৰ লগতে থাকোঁ । ককা আইতাই মোক কয় গধূলিবেলিকা ৰাস্তাৰ ফালে নাযাবি দেই মাজনী বুলি।মাজৰাতি মোৰ কাণত কাৰোবাৰ কান্দোনৰ ৰোল ভাহি আহে ।ভয় কৰে… কিজানি মাক লৈ যোৱাৰ দৰে মোকো লৈ যায় বুলি দেউতাই । মই প্ৰায়ে শুনা পাওঁ মা – দেউতাই   মোক  মাতি থকা ! এই কথা মই ককা আৰু মোৰ আইতাক কোৱাত বৰ ভয় খাই আছে তেওঁলোক দুয়োজনে ।সেয়েহে মোক লৈ বৰ চিন্তিত হৈ থকা দেখা পাওঁ মই সঘনাই । সেইভাবি তেওঁলোকে মোক যি কয় তাকেই মানি চলিবলৈ মই সদায় সাজু হৈ থাকোঁ ।মোক এতিয়া আৰু কাকো নালাগে !  ককা – আইতাৰ বাদে । এওঁলোক দুজনেই মোৰ সকলো । ” মোৰ জীৱনৰ লগৰী ” ।