নিজানত প্ৰেমৰ গান – মুন শৰ্মা

PC - AARP
নিজানত প্ৰেমৰ গান
মুন শৰ্মা, লখিমপুৰ
ব’হাগৰ নিজান দুপৰীয়াত কোনোবাই ৰিঙিয়াই
খহায়  গহীন দুপৰীয়াৰ নি:শব্দতাৰ চাদৰ,
কাণত বাজে মাথোঁ নুপুৰৰ এমুঠি গুঞ্জন,
দুভৰিৰ ছন্দত নামে মাথোঁ মোহিত সুগন্ধি।
মিঠা মিঠা লগা এজাক প্ৰশান্তি মলয়াই দেহত মেৰাই।
সপ্ত সুৰৰ মধুৰ ঝংকাৰ, প্ৰাণময় এটি নৃত্যৰ
লয়লাস তোমাৰ দেহৰ ভাষাত
কম্পন হৃদয় প্ৰতি কোণত মূহুৰ্তত
বৈ গ’ল প্ৰেমভৰা এটি খৰশ্ৰোতা নিজৰা।
তথাপি বুজিব বাকী, এটি যেন অবুজ সাঁথৰ!
কোন তুমি হেৰা তুমি কোন?
সেউজ কুঁহিৰ আৰে আৰে প্ৰেমৰে ৰাগিনী হৈ
অন্ধ প্ৰেমৰ মায়াত বন্দী কৰিব খুজিছা কিয়?
কিহৰ আশাত তুমি মোৰ সুপ্ত হৃদয়ত লগালা অগনি।
 বিচৰা কি!  মোৰ এই নি:কিন হৃদয়ৰ কোনোবা কোণত,
বিচৰা সুখৰ ঠিকনা জানো তুমি বিচাৰি পাবা।।