নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় দহোটীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীন অসমৰ স্বপ্ন এৰি নিজগৃহত উপস্থিত হয় আলফা (স্বা)ৰ মেজৰ জেনেৰেল অৰুণোদয় দহোটীয়া ওৰফে বিজিত বৰুৱা । দীর্ঘদিন অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ থকা দুর্ধর্ষ আলফা (স্বাধীন)ৰ মেজৰ জেনেৰেলজনে নিজৰ পত্নী আৰু পুত্ৰক লগত লৈ ওপজা ঠাই চাবুৱাৰ নাদুৱা গোহাঁই গাঁৱত উপস্থিত হয়। ইয়াকে লৈ চাবুৱাৰ নাদুৱা গোহাঁই গাঁৱত আনন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। অসমৰ সংবাদ মাধ্যমত সততে শিৰোনাম দখল কৰা নেতাগৰাকী সোঁ-শৰীৰে ঘৰলৈ আহিছে । আত্মসমৰ্পণ কৰাৰ পাছত নাদুৱা গোহাঁই গাঁৱত উপস্থিত হোৱা দহোটীয়াক ঢোলে-দগৰে আদৰি আনে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। সাত বছৰীয়া পুত্র, পত্নী নয়নয় চেং আৰু তিনি বছৰীয়া কন্যা সন্তানসহ পিতৃবিহীন ঘৰখনত তেওঁ উপস্থিত হোৱাত মাতৃ পাতলী বৰুৱা কান্দোনত ভাগি পৰে। উল্লেখ্য যে ২০০১ চনত আলফাত যোগদান কৰা দহোটীয়াই ২০২৫ চনৰ ২৩ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ পাংচু পাছৰ ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত আত্মসমর্পণ কৰিছিল। আলফা (স্বাধীন)ৰ নিম্ন সদনৰ সাধাৰণ সম্পাদক তথা বিত্ত বিভাগৰ দায়িত্বত আছিল দহোটীয়া। তেওঁ আত্মসমর্পণ কৰিছিল যদিও অসম আৰক্ষীয়ে অতি কৌশলগতভাৱে আত্মগোপন কৰাই ৰাখিছিল। ক’ত কেনেকৈ তেওঁক অসম আৰক্ষীয়ে ৰাখিছিল সেই কথা আজিও ৰহস্য। কিন্তু পত্নী-পুত্ৰক লৈ নিজৰ জন্মগৃহত উপস্থিত হৈ আৱেগিক হৈ পৰে একালৰ দুৰ্ধৰ্ষ আলফা (স্বাধীন)ৰ নেতাজন। সুদীর্ঘ ২৫ বছৰৰ পাছত সশস্ত্র সংগ্রাম ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি অহা দহোটীয়াই নিজ গৃহত উপস্থিত হৈ কয় যে ঘৰলৈ আহি ভালেই লাগিছে । জীৱনে আমাক বিভিন্ন সময়ত বিভিন্ন পথলৈ লৈ যায়, কিন্তু মৰমে ঘৰলৈ লৈ আহিছে । ইমান দিনৰ মূৰত নিজৰ পৰিয়াল আৰু ভাই-বন্ধুক লগ পাই ভাল লাগিছে । কিন্তু কিবা এটা কাৰণত সুখী হ’ব পৰা নাই । শেষ ভালে সকলো ভাল, কিন্তু মোৰ ক্ষেত্ৰত সেইটো নহ’ল । আনহাতে, আলফা ত্যাগ কৰা সন্দৰ্ভত তেওঁ কয়, কি কাৰণত মই আলফা স্বাধীন এৰিলো সেইটো সহজকৈ কৈ দিব নোৱাৰি । পৰেশ অসম মোৰ বাবে পিতৃস্বৰূপ । তেওঁৰ সু-স্বাস্থ্য কামনা কৰিছো । আজি মই ঘৰলৈ আহিও আনন্দিত হ’ব নোৱৰা দুখ থাকি গৈছে । ছাৰৰ প্ৰতি মোৰ শ্ৰদ্ধা সদায় থাকিব । স্বাধীন অসমৰ প্ৰাসংগিকতাক লৈ দহোটীয়াই কয় যে স্বাধীন অসমৰ প্ৰাসংগিকতা আছে বুলি কিছু লোকেই সংগ্রাম কৰিছে আৰু নাই বুলি ভাবি কিছুসংখ্যকে ঘূৰি আহিছে। আলফা (স্বাধীন)ৰ ভৱিষ্যৎ আছে নে নাই সেই কথা কৈ দিব পৰা অৱস্থাত মই নাই। দহোটীয়াৰ মাতৃয়ে কয় যে নিজৰ ল’ৰা ঘৰলৈ ঘূৰি আহিছে ভাল লাগিছে। দেউতাকে চাবলৈ বৰ মন কৰিছিল। কিন্তু নেদেখিলে। সেইটো কথাতে মোৰ বৰ দুখ লাগিছে। সি এটা হৈ গৈছিল যদিও চাৰিটা হৈ আহিছে। আজি ২৫ বছৰে ঘৰত নাছিল বাবে দুখ লাগিছে। বহুত কষ্টত দিন পাৰ কৰিলোঁ। আৰ্মীয়ে বহুত দিগ্দাৰ দিলে। দিন হ’লে ৰাতি নহওক বুলিয়ে সদায় ভাবিছিলোঁ। আনহাতে, জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱা গগৈয়ে নিজৰ ভাতৃক কাষত পাই আনন্দ প্ৰকাশ কৰাৰ লগতে আলফা (স্বাঃ) আৰু ভাৰত চৰকাৰৰ মাজত থকা সংঘাত অন্ত পৰাৰ কামনা কৰে।
