নিজক সহজে ঠগিব পাৰি – সংযুক্তা দত্ত 

নিজক সহজে ঠগিব পাৰি

সংযুক্তা দত্ত, মিছামৰা 

‘ পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজে ঠগাব পৰা লোকজন হ’ল নিজেই’।
–বুলৱাৰ লিটন।

নিজক সহজে ঠগিব পাৰি -এই কথাষাৰ শুনি আচৰিত লগা নাইনে ? আমি জানোঁ যে – আনক হে সহজে ঠগিব পাৰি । আমি নিজে নিজক কিয়নো ঠগিব বিছাৰিম। হয় ঠিকেই শুনিছে , আমি আনক নহয় নিজক হে সহজে ঠগিব পাৰোঁ। আমি যেতিয়া আনক ঠগো তেতিয়া আমি কিছুমান বুদ্ধি সাঁজিব লাগিব তেতিয়াহে আমি আনক ঠগিব পাৰিম। কিন্তু নিজক ঠগিবলৈ বুদ্ধি প্ৰয়োজন নাই । আমি অজানিতে নিজেই নিজক ঠগি থাকোঁ। এই যে আনক ঠগিবলৈ বুদ্ধিটো সাঁজিলো তেতিয়াই আমি নিজক ঠগিলো।নিজক ঠগাৰ প্ৰথম পদক্ষেপটোৱেই হ’ল – মিছাৰ আশ্ৰয় লোৱা ।এটা মিছা কথা কোৱা মানে আন দহটা মিছা কথা ক’বলৈ প্ৰস্তুত হৈ থকা । প্ৰত্যেকটো মিছা কথাতে নিজক নিজে ঠগি থকা। এবাৰ যেতিয়া আমি নিজক ঠগাৰ অভ্যাসটো আৰম্ভ কৰি লওঁ , তেতিয়াই আমাৰ নিজক ঠগি থকাৰ অভ্যাসটো গঢ় লৈ উঠে।গতিকে, আমি কেতিয়াও নিজক ঠগিবলৈ চেষ্টা কৰা অনুচিত । নহ’লে আমি এদিন হৈ পৰিম নিজেই নিজক পৃথিৱীৰ ভিতৰতে আটাইতকৈ সহজে ঠগাব পৰা লোকজন ।