নিজকে সদায় উচিত মূল্যাংকন কৰক
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমাৰ সমাজিক গতিবিধি দিন প্ৰতিদিনে ধৰাতললৈ যোৱাৰ একমাত্ৰ কাৰণেই হ’ল আমি নিজকে সদায় উচিত মূল্যাংকন কৰাৰ পৰা বিৰত আছোঁ। উচিত মূল্যাংকন কৰা মানে হ’ল নিজৰ ক্ষমতা,প্ৰতিভা সমূহৰ প্ৰতি দৃঢ় বিশ্বাস গঢ়ি উঠা। উদাহৰণ স্বৰূপে আজিকালি আমাৰ সমাজখনৰ চিন্তাধাৰাবোৰ টকা ভিত্তিক বা টকা কেন্দ্ৰিক হৈ পৰিছে। আচলতে আজিকালি উঠি অহা নৱপ্ৰজন্মে শিক্ষাৰ গ্ৰহণ অৰ্থ জ্ঞান আহৰণ কৰা নহয়। কেৱল মাত্ৰ যি যেনেকৈ হয় এটি চাৰকাৰি চাকৰিত নিজকে নিয়োজিত কৰা। এতিয়া এজন ইঞ্জিনিয়াৰিং ছাত্ৰ এজনে আহি গাড়ী চালকৰ চৰকাৰী চাকৰিত নিজকে নিয়োজিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আৰু এইখন সমাজতে এতিয়া একেবাৰে উচ্চ শিক্ষিত ব্যক্তি এজনে চতুৰ্থ শ্ৰেণীৰ পদত চাকৰিত যোগদান কৰিছে আনহাতে এজন দ্বাদশ ফেল কৰা ব্যক্তি এজনে তৃতীয় শ্ৰেণীৰ চাকৰিত নিজকে নিয়োজিত কৰিবলৈ সক্ষম হৈছে। এতিয়া কথা হ’ল এই ক্ষেত্ৰত আপোনালোক সকলোবোৰ মানুহৰ এটাই মতামত হ’ব পাৰে যে,কামৰ সৰু বৰ নাই। কিন্তু তথাপিও অকণমান সময় লৈ চিন্তা কৰি চাবচোন কেতিয়াবা এজন ইঞ্জিনিয়াৰিং কৰা লৰা এজনে যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ কৰা পদত আবেদন কৰিবলগীয়া হয় তেন্তে তেনেধৰণৰ ব্যক্তিসকলে ইঞ্জিনিয়াৰিং ডিগ্ৰী ধাৰণৰ প্ৰকৃত অৰ্থত কিবা মূল্য থাকিবনে? আনহাতে এজন উচ্চ শিক্ষিত ব্যক্তি এজনে যদি একেবাৰে নিম্ন স্তৰৰ বা নিম্ন পদবীৰ কৰ্মত যোগদান কৰি এজন নিম্ন শিক্ষিত ব্যক্তি এজনক উচ্চ পদস্থ বিষয়া কৰি তোলে তেন্তে সেই সমূহ কৰ্মৰ লগত জড়িত ব্যক্তিসকলৰ জৰিয়তে উচিত ফলাফল লাভ কৰাটো সক্ষম হমনে ? এইটো আচলতে আমাৰ বৰ্তমান সময়ৰ সমাজ ব্যৱস্থা লগতে আমাৰ মানুহৰ সামাজিক চিন্তাধাৰা। আজিকালি আমাৰ সমাজখনত আমি টকা কেন্দ্ৰিক কৰি গঢ়ি তোলাৰ ফলত উঠি অহা নৱপ্ৰজন্মে দিন প্ৰতিদিনে নিজকে সদায় উচিত মূল্যাংকন কৰাৰ পৰা বিৰত হৈ আহিছে। আচলতে এই সমস্যাৰ একমাত্ৰ কাৰণ হ’ল আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ লগে লগে নিবনুৱা সমস্যা সমূহৰ দিন প্ৰতিদিনে বৰ্ধিত হোৱা গতি বা হাৰ । গতিকে মানুহে এতিয়া ভোকৰ তাডনাৰ পৰা জীৱন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এনেকুৱা ধৰনৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে। তথাপিও বহু ক্ষেত্ৰত এতিয়াও আমাৰ মানুহ সমূহে নিজ নিজ ব্যৱসায়ি- প্ৰতিষ্ঠান গঢ়ি আত্মনিৰ্ভৰশীলৰ পথ বাচিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰিত যোগদান কৰিব তথাপিও নিজৰ জৰিয়তে কণমান সংগ্ৰামৰ পথ বাচি আত্মনিৰ্ভৰশীল হৈ আগবাঢ়ি যাবলৈ ইচ্ছা প্ৰকাশ নকৰে। সেইকাৰণে কৈছোঁ নিজকে সদায় উচিত মূল্যাংকন কৰক। নহ’লে সমাজত আপোনাৰ মূল্য একেবাৰে নাইকীয়া হৈ পৰিব। কেৱল খাই-বৈ সমান্য পৰিমাণে জীৱন উপভোগ কৰাতকৈ অলপমান ব্যতিক্ৰমী চিন্তাধাৰা লৈ জীৱন আগুৱাই লৈ যাওঁক। পৰাপক্ষত নিজৰ ক্ষমতা, প্ৰতিভা সমূহৰ এশ শতাংশ প্ৰয়োগত লৈ অহাৰ চেষ্টা কৰক। আপুনি আপোনাক নিজে কি হিচাপে মূল্যাংকন কৰে সেইমতে আপুনি কৰ্ম কৰক এসময় গৈ দেখিব যে অন্যান্য মানুহে আপুনি ভবাতকৈ আৰু অধিক ৰূপত আপোনাৰ মূল্যাংকন কৰিবলৈ ধৰিব। এইটোৱে জীৱনৰ আচল মাদকতা। তেতিয়া আৰু নিজকে জীৱ শ্ৰেষ্ঠ বুলি ক’বলৈ সংকোচন কৰিবলগীয়া নহয়।