নিচা – আস্মা ইয়াছমিন

pc shutterstock
নিচা
আস্মা ইয়াছমিন
উশাহত…
অনুভৱত…
প্ৰতিপল তোৰ অবাধ্য আহ যাহ,
তেজৰ সিৰাই উপসিৰাই এনেকৈ
বিয়পি গ’লি,
এতিয়া আৰু নিস্তাৰ নাই
খেদি পঠিওৱাৰ…!
আজি কালি মই কি কৰো জানা…
তোক কেতিয়াবা জব্দ কৰি থওঁ
প্ৰমাণ চাওঁ মোৰ বুকুত তোৰ ভৰ কিমান?
তেতিয়াই বুকুৰ ঢপঢপনি বাঢ়ে
 ভাগৰুৱা অনুভৱে
ভৰিৰ পৰা মূৰলৈ মোক অৱশ কৰি আনে
উশাহবোৰ চুটি হয় আহে,
তাৰ প্ৰখৰ ধ্বনি কাণৰ পৰ্দাত ৰৈ ৰৈ বাজে…
পলায়ন কৰাৰ ৰাস্তা বিচাৰি নাপাওঁ
তোক উলিয়াই দিওঁ
লাহে লাহে দেহলৈ শক্তি আহে
ঠিক বেলিৰ প্ৰথম ৰ’দজাক ক্ৰমশঃ প্ৰখৰ হৈ অহাৰ দৰে…
দেহৰ কোষবোৰ সাৰ পাই উঠে
তোৰ নামতেই প্ৰভাত নামে
অনামী ফাগুনৰ পছোৱা বলে…
এজাক চিপচিপীয়া বৰষুণ
যেতিয়াই তেতিয়াই মোৰ চৌপাশে মুষলধাৰে সৰে…