নিচাযুক্ত দ্ৰব্যৰ হাতোৰাত জীৱনটো কাৰাৰুদ্ধ নকৰিব
নিবেদিতা হাজৰিকা,
লখিমপুৰ
যিবোৰ দ্ৰব্য প্ৰত্যক্ষভাৱেই হওঁক বা পৰোক্ষ ভাবেই হওঁক ইয়াৰ ব্যৱহাৰৰ ফলত হিতাহিত জ্ঞান হেৰুৱাই পেলায় বা জ্ঞানশূণ্য হৈ পৰে সেই সমূহকে ৰাগিয়াল বস্তু বুলি কোৱা হয়। ৰাগিয়াল বস্তুৰ ভিতৰত মদ বা সুৰা অন্যতম যদিও ধপাত, বিড়ি, ছিগাৰেট, ভাং আদিও একপ্ৰকাৰৰ নিচাযুক্ত দ্ৰব্য।মানসিক অৱসাদ দূৰ কৰিবলৈ তথা আনন্দৰ মুহুৰ্তবোৰ অধিক ৰঙীণ কৰি তুলিবলৈ আজিকালি মাদ্ৰক দ্ৰব্যৰ প্ৰচলন সৰ্বাধিক বুলি ক’লেও অত্যুক্তি কৰা নহয়।সুস্থ সমাজ গঠনৰ প্ৰধান হেঙাৰ স্বৰূপ নিচাযুক্ত দ্ৰব্যৰ নেতিবাচক প্ৰভাৱ সৰ্বাধিক ।আৰু সেই কথা অনুধাৱন কৰিয়ে জাতিৰ পিতা মহাত্মা গান্ধীয়ে সৌ তাহানিতে মাদক দ্ৰব্য নিবাৰণৰ বাবে দেশজুৰি আন্দোলনৰ সূত্ৰপাত কৰাইছিল। অথচ আজি মাদক দ্ৰব্যৰ প্ৰচলন সকলোতে সৰ্বাধিক।সকলোতে সুৰাৰ অবাধ প্ৰচলন।এটা সময়ত মদ আদি ৰাাগিয়াল বস্তু সেৱন কৰা লোকৰ ওপৰত সমাজে বিহিত ব্যৱস্থা লৈছিল। কিন্তু আজি সকলো খোলা বজাৰ। ৰাগিয়াল বস্তুৰ প্ৰচলন সমাজত যিমানে বেছি হৈছে, সমাজত অপ্ৰীতিকৰ ঘটনা সঘনাই ঘটা দেখিবলৈ পোৱা গৈছে। বহুতো পৰিয়ালৰ পৰিৱেশ বিনষ্ট হৈছে, শান্তি বিঘ্নিত হৈছে।নিচাযুক্ত দ্ৰব্যৰ হাতোৰাত উঠি অহা প্ৰজন্মৰ বহুতেই আজি বন্দী। জীৱন গঢ়াৰ বয়সত মাদক দ্ৰব্যৰ সোৱাদত মত্ত বহু যুৱক -যুৱতী।
খন্তেকীয়া সুখ ভোগ কৰিবলৈ গৈ নিচাৰ কৰাল গ্ৰাসত পৰি নিজৰ ধ্বংস নিজে মাতি আনিছে। নিচাৰ যি সৰ্বনাশী আৰু সৰ্বগ্ৰাসী ৰূপ , সেই ৰূপ বৰ ভয়ংকৰ তথা উদ্বেগৰ বিষয়।সেয়ে সকলোৱে এখন নিচামুক্ত সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত অংশীদাৰ হ’বলৈ আগবাঢ়ি অহা উচিত ।অন্যথা ইয়াৰ কু-প্ৰভাৱৰ ফল সকলোৱে ভোগ কৰিব লাগিব।
বিভিন্ন ধৰনৰ নিচাযুক্ত দ্ৰব্য আজিৰ সময়ত সহজলভ্য তথা উভৈনদী। ঠিক সেইদৰে এই সমূহ ব্যৱহাৰকাৰীৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এবাৰ সেই নিচাৰ কৱলত পৰাৰ পিছত তাক এৰি পেলোৱাটো কঠিন হৈ পৰে। সেয়ে পাৰ্যমানে এই সমূহৰ পৰা দূৰত থকা উচিত। আজি সমাজত যিবোৰ অনৈতিক কাৰ্য -কলাপ ঘটিব ধৰিছে, সমাজত যি বিশৃংখলতাৰ সৃষ্টি হৈছে এই সকলোবোৰৰ বাবে মূলত জগৰীয়া এই নিচাযুক্ত দ্ৰব্য সমূহ। নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ ফলত হিতাহিত জ্ঞান হেৰুৱায় পেলায়, চিন্তাশক্তি লোপ পায়। ফলত বিবেক শূণ্য হৈ যি কোনো কাম কৰি পেলায়। বৰ্তমান চাৰিওফালে যিবোৰ অসামাজিক কাৰ্য, অপকৰ্ম হ’বলৈ ধৰিছে সেই কামবোৰ কৰা লোক সকলৰ বিষয়ে আমি অধ্যয়ন কৰিলে দেখিম যে ইয়াৰ সিংহ ভাগেই বিভিন্ন নিচাৰ প্ৰতি আসক্ত।
সাম্প্ৰতিক সময়ত এখন নিচামুক্ত সমাজ গঢ়াৰ সময় আহি পৰিছে।চাৰিওফালে নিচাগ্ৰস্ত লোকৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি পাইছে।।সেয়ে এখন নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত পিতৃ-মাতৃ ,অভিভাৱক তথা শিক্ষাগুৰু সকলৰ সমান্তৰালকৈ সমাজৰ প্ৰতিজন নাগৰিক সজাগ হ’ব লাগিব আৰু দৃষ্টি নিক্ষেপ কৰিব লাগিব। উঠি অহা প্ৰজন্মক নিচাৰ গ্ৰাসৰ পৰা মুক্ত কৰি ৰখাত প্ৰতি গৰাকী সচেতন লোকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবই লাগিব।