নিচামুক্ত অসমৰ স্বপ্নঃ সম্ভাৱনা আৰু প্ৰত্যাশা – দ্বীপেন বৰুৱা

নিচামুক্ত অসমৰ স্বপ্নঃ সম্ভাৱনা আৰু প্ৰত্যাশা

দ্বীপেন বৰুৱা

সমাজ গঠনৰ মূল আধাৰ হ’ল সুস্থ মানসিকতা, সুস্থ জীৱনশৈলী আৰু সঠিক মূল্যবোধ৷ কিন্তু আজি অসমৰ সমাজ এক গভীৰ সংকটৰ সন্মুখীন হৈছে৷ যুৱ-প্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ প্ৰতি বাঢ়ি অহা আসক্তি আৰু তাৰ ফলত উদ্ভৱ হোৱা সামাজিক সমস্যা এক গভীৰ চিন্তাৰ কাৰণ হৈ পৰিছে৷ যুৱশক্তি হৈছে কোনো জাতিৰ সৰ্বশ্ৰেষ্ঠ সম্পদ৷ কিন্তু এই সম্পদ যদি নিচা সেৱনৰ অন্ধকাৰ গহ্বৰত হেৰাই যায়, তেন্তে সমাজৰ জীৱনীশক্তিয়ে বিপদৰ সন্মুখীন হ’ব লাগিব। যুৱ-প্ৰজন্মৰ মাজত গঢ়ি উঠা এই অপ-অভ্যাসে অসমৰ সমাজ জীৱন জোকাৰি গৈছে৷ আশ্চৰ্যজনকভাৱে যুৱতীসকলৰ মাজতো নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে৷ ই সমাজৰ বাবে এক ভয়াবহ সংকট বুলিব পাৰি৷ এনে প্ৰেক্ষাপটত এখন নিচামুক্ত অসমৰ স্বপ্ন আপাত দৃষ্টিত অবাস্তৱ যেন লাগিলেও, সেই সন্দর্ভত এক ইতিবাচক দৃষ্টিভংগীৰে চিন্তা কৰাৰ লগতে দৃঢ় পদক্ষেপ লোৱাৰ সময় সমাগত৷ সাম্প্ৰতিক সময়ত আমাৰ ৰাজ্যখনত নানান লোমহৰ্ষক ঘটনাৰ লগতে অসামাজিক কাৰ্যকলাপৰ মাত্ৰা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ বাতৰিকাকতৰ পৃষ্ঠা নাইবা টিভিৰ পৰ্দা নিৰীক্ষণ কৰিলেই সততে দেখিবলৈ পোৱা যায় যে চহৰে-নগৰে, গাঁৱে-ভূঞে যেন এশ-এবুৰি সমস্যাই ছানি ধৰিছে৷ চুৰি-ডকাইতি, হত্যা-লুণ্ঠন, বলাৎকাৰ, অপহৰণ, উগ্ৰবাদ, প্ৰৱঞ্চনা, দুৰ্ঘটনা আদিৰ বাহিৰেও দুৰাৰোগ্য ৰোগ-ব্যাধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে৷ গাড়ী, মটৰ, ৰে’ল আদিৰ ভ্ৰমণো ভয় আৰু শংকাৰ পৰা সম্পূৰ্ণ মুক্ত নহয়৷ চুৰি-ডকাইতিকে ধৰি সমাজত যিমানবোৰ লোমহৰ্ষক ঘটনা, যান-বাহনৰ দুৰ্ঘটনা আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত হৈছে, এনে ধৰণৰ অধিকাংশ ঘটনাৰ অন্যতম কাৰক হিচাপে নিচাযুক্ত দ্ৰব্যৰ অত্যাধিক ব্যৱহাৰকেই চিহ্নিত কৰা হয়৷

নিচা প্ৰধানকৈ দুবিধ – এবিধ হৈছে দ্ৰব্য ব্যৱহাৰৰ নিচা য’ত ধঁপাত, মদ, গাঞ্জা, ঔষধ আদি অন্তৰ্ভুক্ত আৰু আনবিধ হৈছে আচৰণৰ নিচা য’ত জুৱা, ইণ্টাৰনেট, মোবাইল, খাদ্য আৰু সম্পৰ্ক আদি অন্তৰ্ভুক্ত৷ নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্যবোৰ সেৱনৰ ফলত ব্যক্তিগত জীৱনৰ লগতে শৰীৰিক, মানসিক ক্ষতি আৰু সামাজিক জীৱনত বহুতো বিশৃংখলতাই দেখা দিয়ে৷ কিন্তু এই নিচাযুক্ত দ্ৰব্যসমূহ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক তথা মধ্য বয়সত ই কিমান ধৰণৰ কঠিন ৰোগৰ সৃষ্টি কৰিব পাৰে, সেই কথা সেৱনকাৰীসকলে প্ৰথমতে উপলব্ধি কৰিব নোৱাৰে৷ দেখা যায় যে উৎপীড়নৰ বলি হোৱা ছাত্ৰ-ছাত্ৰীসকলে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ কৰে আৰু অধিক বিচ্ছিন্ন হৈ পৰে৷ সমান্তৰালভাৱে তেওঁলোকৰ সামাজিক, শৈক্ষিক আৰু ব্যক্তিগত জীৱনত এক পাৰ্থক্য আহি পৰে৷ তেওঁলোকে বিদ্যালয়লৈ যোৱা বন্ধ কৰা আৰম্ভ কৰিব পাৰে, শৈক্ষিক প্ৰদৰ্শনৰ অৱনতি হ’ব পাৰে, মিছা কোৱা আৰু বস্তু লুকুৱাবলৈ আৰম্ভ কৰিব পাৰে আৰু নানান ধৰণৰ অনিয়মীয়া আচৰণ প্ৰদৰ্শন কৰিব পাৰে৷

যুৱক-যুৱতীসকল নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হোৱাৰ বহুতো কাৰণ থাকিব পাৰে৷ ইয়াৰে বেছি সংখ্যকেই সংগ দোষত অথবা কৌতূহলৰ বশৱৰ্তী হৈ নিচাযুক্ত দ্ৰব্যসমূহ প্ৰথমে সেৱন কৰিবলৈ আৰম্ভ কৰে৷ অতি কম দিনৰ ভিতৰতে তেওঁলোক নিচাসক্ত হৈ পৰে আৰু ইয়াক এৰিব নোৱাৰা হয়৷ অসমত এই দ্ৰব্যসমূহ সহজে উপলব্ধ হোৱাৰ ফলত ৰাজ্যৰ একাংশ যুৱক-যুৱতী ইয়াৰ কৱলত অতি সোনকালে পৰিবলৈ লয়৷ পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যই যদি এনে ৰাগিয়াল দ্ৰব্য সেৱন কৰে, তেওঁলোকৰ পৰাও বহু যুৱক-যুৱতী এইসমূহৰ কাষ চাপি আহে৷ কৈশোৰ অৱস্থাত সকলো ল’ৰা-ছোৱালীয়ে এক নতুনত্ব বিচাৰে, য’ত তেওঁলোকে নতুন-নতুন বস্তু খাবলৈ চেষ্টা কৰি চাব বিচাৰে আৰু পৰিণামৰ প্ৰতি কোনো মনোযোগ দিব নিবিচাৰে৷ ইয়ো যুৱক-যুৱতীসকল নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ অন্যতম কাৰণ হ’ব পাৰে৷ এই সময়ছোৱাত সামাজিক মাধ্যমৰ দ্বাৰাও তেওঁলোক যথেষ্ট প্ৰভাৱান্বিত হয়৷ তেওঁলোকে বিজ্ঞাপন আদিত দেখিবলৈ পোৱা চেলিব্ৰেটিৰ দৰে থাকিবলৈ ইচ্ছা কৰে৷ হতাশা আৰু মানসিক হেঁচাত পৰিও কিছু যুৱক-যুৱতী নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়৷

নিচাসক্ত যুৱক-যুৱতীসকলক নিচাৰ কবলৰপৰা উদ্ধাৰ কৰাৰ লগতে আমাৰ সমাজখনক নিচামুক্ত কৰি ৰাখিবলৈ চৰকাৰীভাৱে কেতবোৰ ব্যৱস্থা হাতত লৈছে৷ ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ে আৰম্ভ কৰা নিচামুক্ত ভাৰত অভিযান(Nasha Mukt Bharat Abhiyaan) এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ ২০২০ চনৰ ১৫ আগষ্টত শুভাৰম্ভ কৰা এই অভিযানৰ মূল লক্ষ্য হৈছে – বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ কাষ চপা আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ে সজাগতা বিয়পাই দিয়া৷ ইয়াৰ অধীনত উচ্চ শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয় চৌহদ আৰু বিদ্যালয়সমূহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে৷ তদুপৰি, নিচাসক্ত ব্যক্তিসকলক চিনাক্তকৰণ কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়৷ নিৰ্দিষ্ট চিকিৎসালয় আৰু নিচামুক্তি কেন্দ্ৰসমূহত পৰামৰ্শ আৰু চিকিৎসাৰ সুবিধাসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে এই অভিযানৰ জৰিয়তে সেৱা প্ৰদানকাৰীসকলৰ বাবে দক্ষতা বিকাশৰ কাৰ্যসূচীও ৰূপায়ন কৰা হয়৷

অসম চৰকাৰেও নিচামুক্ত ভাৰত অভিযানৰ আলম লৈ নিচামুক্ত অসম গঢ়াৰ দিশে এক বাস্তৱতা-মুখী পদক্ষেপ গ্ৰহণ কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক নিচাযুক্ত দ্ৰব্য-বিৰোধী অভিযান আৰম্ভ কৰিছে, যি বৰ্তমান সমাজ-সংস্কাৰ আৰু আইন-শৃঙ্খলা দুয়ো ক্ষেত্ৰত এক গভীৰ প্ৰভাৱ পেলাইছে৷ মুখ্যমন্ত্ৰীৰ উপস্থিতিত মুকলিকৈ ড্ৰাগছ জ্বলাই ধ্বংস কৰা হৈছে, যি এক প্ৰতীকী কিন্তু শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে৷ অবৈধ মাদকদ্ৰব্যৰ চোৰাং সৰবৰাহকাৰীসকলক চিহ্নিত কৰি জেললৈ প্ৰেৰণ কৰিছে৷ তথ্যনুসৰি অসমত প্ৰায় আশী-নব্বৈ দশকৰ পৰাই চোৰাং মাদকদ্ৰব্যৰ প্ৰচলন বৃদ্ধি পাইছিল৷ ম্যানমাৰ সীমান্ত, নাগালেণ্ড, মণিপুৰ, মিজোৰামৰ সৈতে বৃহৎ পৰিমাণৰ চোৰাং বাণিজ্য চলিছিল৷ একেদৰে অসমৰ গুৱাহাটী, নগাঁও, শিৱসাগৰ, গোলাঘাট আদি ঠাইসমূহ অবৈধ ড্ৰাগছৰ মূল ঘাটিলৈ পৰিণত হৈছিল৷ কিন্তু ২০২১ চনৰ পৰা এতিয়ালৈকে অসমত কোটি টকাৰ ড্ৰাগছ নাইবা মাদকদ্ৰব্য ধ্বংস কৰা দেখিবলৈ পোৱা গৈছে৷ ফলত অসমক চোৰাং মাদকদ্ৰব্যৰ মুখ্য গন্তব্যস্থান হিচাপে ব্যৱহাৰ কৰাৰ পৰিসৰ পূৰ্বতকৈ হ্ৰাস পাইছে৷ যুৱ-প্ৰজন্মৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থা, অভিভাৱক তথা সমাজৰ সচেতন ব্যক্তিসকলে চৰকাৰৰ এই পদক্ষেপক স্বাগতম জনাইছে৷ সমাজত এনে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এক নতুন বাতাৱৰণ গঢ়ি তুলিবলৈ যত্ন কৰিছে৷
অৱশ্যে অসমক এখন নিচামুক্ত ৰাজ্য হিচাপে গঢ়িবলৈ হ’লে নিচাসক্তসকলৰ কথাও চিন্তা কৰিব লাগিব৷ যিসকল ইতিমধ্যে নিচাৰ কবলত পৰি সৰ্বশ্ৰান্ত হৈছে, সেইসকলক শুদ্ধ পথলৈ ওভোটাই অনাটো অত্যন্ত জৰুৰী৷ এইক্ষেত্ৰত নিচামুক্তি কেন্দ্ৰ (De-Addiction Centre) এক সমাধানৰ পথ হ’ব পাৰে৷ অসমত বৰ্তমানলৈকে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ৰপৰা অনুদানপ্ৰাপ্ত ডিমা হাচাও, শ্ৰীভূমি, বঙাইগাওঁ, তিনিচুকীয়া, যোৰহাট, নগাওঁ, শিৱসাগৰ, মঙ্গলদৈ আৰু চিৰাং জিলাত নিচামুক্তি কেন্দ্ৰ স্থাপন হৈছে৷ তদুপৰি কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ তৰফৰ পৰাই অসমৰ চৈধ্যখনকৈ জিলাত নিচাসক্তসকলৰ বাবে সংগঠিত পুনৰ্বাসন কেন্দ্ৰ (Integrated Rehabilitation Centre for Addicts, IRCA) গঢ়ি উঠিছে৷ ইয়াৰ লগতে অসম চৰকাৰেও ছখন জিলাত নিচামুক্তি আৰু পুনৰ্বাসন কেন্দ্ৰ (De-Addiction cum Rehabilitation Centre) আৰু তিনিটা নিচা নিৰাময় কেন্দ্ৰ (Addiction Treatment Facility, ATF)ৰ ব্যৱস্থা কৰিছে৷ নিচাসক্তসকলক যিকোনো সময়তে সহায় তথা পৰামৰ্শ প্ৰদান কৰিব পৰাকৈ বিনামূলীয়া হেল্পলাইন নম্বৰৰো (১৪৪৪৬) সুবিধা আছে৷ এনে কেন্দ্ৰৰ সংখ্যা বৃদ্ধি হোৱাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় নহয় যদিও এই সমস্যাৰ অন্ত নপৰালৈকে ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷ কিছু বেচৰকাৰী সংস্থায়ো অসমৰ কেইবাখনো জিলাত নিচামুক্তি কেন্দ্ৰ খুলি চলাই আছে যদিও পূৰ্বতে নিচাসক্তসকলেই এনে কেন্দ্ৰসমূহত জড়িত হৈ আছে৷ তেওঁলোকৰ অধিকাংশৰেই বিজ্ঞানসন্মত জ্ঞান নাই৷ নিজৰ অভিজ্ঞতাৰেই এই নিচামুক্তি কেন্দ্ৰবোৰ চলাই গৈছে৷ গতিকে ৰাজ্য চৰকাৰে বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত কেন্দ্ৰসমূহ ভালদৰে পৰ্যবেক্ষণ কৰি তেওঁলোকৰ দক্ষতা বিকাশৰ উপযুক্ত ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে৷

নিচামুক্ত অসমৰ স্বপ্ন কঠিন যেন লাগিলেও সম্পূৰ্ণ অসম্ভৱ নহয়৷ কিন্তু এয়া মাত্ৰ এটা ৰাজনৈতিক শ্ল’গান হ’লে নহ’ব, ই সমাজৰ আত্মশুদ্ধিৰ প্ৰয়াস হ’ব লাগিব৷ এইক্ষেত্ৰত পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলৰ সমান্তৰালভাৱে সমাজৰ প্ৰতিজন নাগৰিক সজাগ হ’ব লাগিব৷ বিদ্যালয়, মহাবিদ্যালয় আদিত নিচাৰ কু-প্ৰভাৱ সন্দৰ্ভত নিয়মীয়া আলোচনাচক্র, সচেতনতা কাৰ্যসূচী আৰু মানসিক স্বাস্থ্য শিক্ষাৰ ব্যৱস্থা কৰিলে ডাঙৰ পৰিৱর্তন সম্ভৱ৷ নিচাযুক্ত দ্ৰব্যসমূহৰ কু-প্ৰভাৱ তথা ভয়াৱহতাৰ বিষয়ে যুৱ-প্ৰজন্মক অৱগত কৰি এইসমূহৰ কবলৰ পৰা মুক্ত কৰি ৰখাত প্ৰতিগৰাকী সচেতন লোকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ তেওঁলোকৰ সৈতে নিচাযুক্ত দ্ৰব্যৰ কু-প্ৰভাৱৰ বিষয়ে মুকলিকৈ বাৰ্তালাপ কৰিব লাগে আৰু তেওঁলোকক প্ৰকৃত তথ্য দিব লাগে৷ যদি তেওঁলোকক নিজৰ ভৰিত থিয় হোৱাৰ বিষয়ে শক্তিশালী অনুভৱ কৰোৱা হয় আৰু ভাল-বেয়াবোৰৰ বিষয়ে ভালদৰে বুজি পোৱা হয়, তেন্তে তেওঁলোক চাপৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম হ’ব৷ খেলধূলা, সাংস্কৃতিক ক্ৰিয়াকলাপ, প্ৰশিক্ষণ আদিৰ জৰিয়তে মাদক দ্ৰব্যৰ পৰা আঁতৰি থকা এক বিকল্প পথ দেখুৱাব পাৰি৷ গৱেষণাৰপৰা জানিব পৰা গৈছে যে মগজুত ড’পামিন নামৰ পদাৰ্থৰ অভাৱৰ বাবে মানুহ নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰে৷ নিয়মিত যোগাসনে মগজুত ড’পামিন উৎপন্ন কৰে যিয়ে মন নিয়ন্ত্ৰণ কৰে আৰু মনোবল বৃদ্ধি কৰে। এনেদৰে ব্যক্তিজন নিচাৰ পৰা মুক্ত হ’ব পাৰে৷

কেৱল চৰকাৰী অভিযান বা আঁচনিৰে যুৱ-প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ কৰাল গ্ৰাসৰপৰা উদ্ধাৰ কৰিব পৰা নাযায়৷ চৰকাৰ, সমাজ, যুৱশক্তি, শিক্ষা প্রতিষ্ঠান, সংবাদ মাধ্যম — সকলোৰে সন্মিলিত প্ৰচেষ্ঠা অতি প্ৰয়োজনীয়। কেতিয়াবা দেখা যায় যে বহু আঁচনি ৰাজনৈতিক প্ৰদৰ্শনতে সীমাবদ্ধ থাকে৷ সেয়ে নিচামুক্ত ভাৰত অভিযানৰ দৰে আঁচনিৰ সঠিক কাৰ্যকৰীকৰণৰ ওপৰত চৰকাৰ আৰু প্ৰশাসনে গুৰুত্ব আৰোপ কৰিব লাগিব৷ প্ৰতিখন জিলাৰ স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই অঞ্চলসমূহত প্ৰশাসনৰ সহযোগত বিশেষ সজাগতামূলক কাৰ্যসূচী হাতত ল’ব পাৰে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলি থকা মাদক দ্ৰব্য-বিৰোধী অভিযান নিঃসন্দেহে এক ঐতিহাসিক পদক্ষেপ বুলিব পাৰি৷ ইয়াৰ ফলত মাদকদ্ৰব্য ব্যৱহাৰৰ বিৰুদ্ধে সমাজত এক সজাগতাৰ ধ্বনি উঠিছে৷ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ লগতে সহানুভূতি, চিকিৎসা আৰু সামাজিক জাগৰণ একেলগে চলিলে নিচা-মুক্ত অসমৰ স্বপ্ন সফল হ’ব৷

(ঠিকনাঃ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ)