নিকাছিত জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত হিংসাত্মক ঘটনাৰ বুজ লৈ বাক্সাত উপস্থিত মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- নিকাছিত জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে বাক্সাত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়- জুবিন গাৰ্গক ন্যায় দিমেই, সেয়া মোৰ সংকল্প। জুবিনক এশ শতাংশ ন্যায় দিয়া হ’ব। ন্যায় বিজেপিয়ে দিব, কিয়নো জুবিনক আমি মনৰ পৰা ভাল পাইছিলোঁ। উল্লেখ্য যে ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত ৫জন ব্যক্তিক যোৱা ১৫ অক্টোবৰত বাক্সা জিলাৰ কাৰাগাৰলৈ লৈ যোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আইন-শৃংখলা পৰিস্থিতিৰ পাছত মুখ্যমন্ত্রী লক্ষীপুৰ এ ব্লক গাঁও পৰিদৰ্শন কৰে। উক্ত দিনা সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ ফলত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা কৰাত দীপক মেধি আৰু বিদ্যুৎ কলিতা নামৰ দুজন ব্যক্তি আহত হৈছিল। মুখ্যমন্ত্রীয়ে উক্ত গাঁওখনত উপস্থিত হৈ যুৱক দুজনৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে আৰু দুই লাখ টকাকৈ ধনৰাশিৰ চেক চিকিৎসাৰ বাবে প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহত দুয়োগৰাকী ব্যক্তিক চিকিৎসাৰ অর্থে প্রয়োজনীয় অধিক সহায় আগবঢ়াব বুলিও আজি মুখ্যমন্ত্রীয়ে আশ্বাস দিয়ে। এই ভ্রমণকালতে মুখ্যমন্ত্রী ড° শৰ্মাৰ আহ্বান-ন্যায়পালিকাৰ ওপৰত আমি সকলোৱে বিশ্বাস ৰাখিব লাগে। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- গুৱাহাটী উচ্চ ন্যায়ালয়েও তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীয়ে চলোৱা তদন্তৰ প্ৰতিবেদন অতি সোনকালে ন্যায়পালিকাই লাভ কৰিব। গণতান্ত্রিক দেশৰ ৰাইজ হিচাপে আমি ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্রেক আদালতত হওক। অর্থাৎ প্রতিদিনেই তদন্তৰ শুনানি হ’ব। গতিকে আমি সোনকালে ন্যায় লাভ কৰিম। মোৰ অনুৰোধ- উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অতি সোনকালে এখন ফাষ্টট্রেক আদালত গঠন কৰক। কেবিনেটে ইয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। আমি নির্দিষ্ট সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিল কৰিম। ন্যায় পালিকাই তদন্তৰ প্ৰতিবেদন আৰু সাক্ষীবাদী ন্যায়িক প্ৰক্ৰিয়াৰ জৰিয়তে নিশ্চিতভাৱে আমাক সকলোকে ন্যায় প্রদান কৰিব। অসমবাসীক মই এইটোৱেই অনুৰোধ জনাব বিচাৰোঁ যে দেশৰ ন্যায়পালিকাৰ ওচৰত আমি বিশ্বাস ৰাখিব লাগিব। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। আনহাতে ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৰম্ভ হোৱা আন্দোলনক লৈ কটাক্ষ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয়- ড° হিমন্ত বিশ্ব শর্মাই পদত্যাগ কৰিলে ৫০ শতাংশ আন্দোলন আজিয়েই শেষ হৈ যাব। গৌৰৱ গগৈক মুখ্যমন্ত্রী পাতিলে আন ৫০ শতাংশ আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়াটো নহয়, এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যোৱা চাৰে চাৰি বছৰত একো সুযোগ পোৱা নাছিলোঁ, আজি এটা সুযোগ পাইছোঁ ইয়াক ব্যৱহাৰ কৰিব লাগে। জুবিন যাতে শ শ বছৰ জীয়াই থাকে, তাৰ বাবে বিজেপিয়ে প্রকৃত জুবিনৰ অনুৰাগীসকলক লৈ ৰাজপথত ওলাব। জুবিনে এৰি থৈ যোৱা আধৰুৱা কাম সম্পূৰ্ণ কৰাটোৱেই হ’ব আমাৰ লক্ষ্য। ইয়াৰ বাবে প্রত্যেক সমষ্টিত নির্মাণ হ’ব সংগীত স্কুল-কলেজ, জুবিনৰ একোটা প্রতিমূর্তি। বিজেপিৰ প্ৰত্যেকজন সদস্যই পৰিৱেশ দৃষ্টিকোণৰ পৰা একোটাকৈ নাহৰ গছৰ পুলি ৰোপণ কৰিব যাতে জুবিনৰ সান্নিধ্য প্রত্যেকে নিজৰ ঘৰতে লাভ কৰে। আমি ইতিবাচক ধৰণে চিন্তা-চৰ্চা কৰিছোঁ। জুবিনৰ কথাৰ পৰা বহু কথা শিকিব পাৰি, জুবিনে কৈছিল- শ্ব’ মাষ্ট গ’ অন, অর্থাৎ অসমখন আগুৱাই যাব লাগিব। জুবিনে যি ধৰণে কৈছিল তাক আমি ৰূপায়ণ কৰাৰ চেষ্টা কৰিম।