নিউ গন্ধমৌ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষকদ্বয়ক বিদায়ী সম্বৰ্ধনা
ইন্দ্ৰ কান্ত বৈশ্য,বংশৰ, ৰঙিলী বাৰ্ত্তাসেৱা- হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত বংশৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত নিউ গন্ধমৌ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কাদিৰ আলী, সহকাৰী শিক্ষক তাজ উদ্দিন আহমেদক বিদ্যালয়ৰ তৰফৰ পৰা ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তথা সমাজকৰ্মী ইন্দ্ৰ কান্ত বৈশ্যই। বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেন বৈশ্য ই আতধৰা সভাত শিক্ষকদ্বয়ক গামোচা,শৰাই, মানপত্ৰ উপহাৰেৰে সম্বৰ্ধনা জনায়। সভাত আমন্ত্ৰিত অতিথি হিচাপে গুৱাহাটী মহকুমা মধ্য ইংৰাজী সন্থাৰ সভাপতি তথা শিক্ষক গোলোক চন্দ্ৰ দাসে কয় যে – বহ বছৰ ধৰি ছাত্ৰ -ছাত্ৰী ৰ মাজত অতিবাহিত কৰি পৰিয়ালৰ দৰে থাকি বিদ্যালয়খনৰ পৰা আতঁৰি যাৱ লগা হোৱাটো কিমান বেদনাদায়ক সেয়া ভুক্তভোগীহে জানে। শিক্ষক বৃন্দ ই মাজে সময়ে বিদ্যালয়লৈ আহি ছাত্ৰ -ছাত্ৰী ৰ মাজত আহি সময় অতিবাহিত কৰিবলৈ আহ্বান জনায়। সম্বৰ্ধনা সভাত চি আৰ চি চি গীতাঞ্জলি দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হকিম আলী, সহকাৰী শিক্ষয়িত্ৰী বৰ্ণালী দাস উপস্থিত থাকে।