‘নিউজ’ৰ ব্ৰহ্মপুত্ৰ শিশুগৃহত ‘হেপাঁহ’ শীৰ্ষক অনুষ্ঠান

‘নিউজ’ৰ ব্ৰহ্মপুত্ৰ শিশুগৃহত ‘হেপাঁহ’ শীৰ্ষক অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত বৰ্ষৰ দৰে এইবাৰো কামৰূপ মহানগৰৰ গাৰোঘুলি,গড়চুকস্থিত অনাথ শিশুৰ আবাসস্থলী ব্ৰহ্মপুত্ৰ শিশুগৃহত  সামাজিক,সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান নিউজৰ উদ্যোগত আবাসী শিশু সকলৰ বাবে হেপাঁহ’ শীৰ্ষক গীতে মাতে ভাব বিনিময় এক ব্যতিক্ৰমী শিশুসকলৰ বাবে মনোৰঞ্জনৰ অনুষ্ঠান অনুষ্ঠিত হয়৷অনুষ্ঠানৰ আৰম্ভণিতে আবাসী শিশু সকলে ‘তুমি কৰুণাময়’ প্ৰাৰ্থনাটি পৰিৱেশন কৰে৷ইয়াৰ পাছতে ব্ৰহ্মপুত্ৰ শিশুগৃহৰ শিশুসকলৰ তত্বাবধায়িকা গীতাঞ্জলি দাসৰ পৰিচালনাত অষ্টম শ্ৰেণীত অধ্যয়নৰত আবাসী ছাত্ৰী টিকু বসুমতাৰীয়ে সুন্দৰ লয়লাসেৰে এটি আধুনিক সৃষ্টিশীল নৃত্য পৰিৱেশন কৰে৷ইয়াৰ পাছতে আবাসী কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে মিলি ভূপেন হাজৰিকাৰ গীত পূজো আহা আই মাতৃ’ ওপৰত আধাৰিত সৃষ্টিশীল নৃত্য পৰিৱেশন কৰে৷ আবাসী কেইবাগৰাকীও প্ৰতিভাশালী শিশু বৈজয়ন্তী বসুমতাৰী, মণিৰেখা বসুমতাৰী, ৰৈজয়ন্তী বসুমতাৰী আৰু কৃশ নাথে ৷ গীত ,নৃত্য, কবিতা আবৃত্তি আৰু বক্তৃতা পৰিৱেশন কৰে৷অনুষ্ঠানত  কণমানি শিশুশিল্পী শ্ৰুতি মাধুৰ্য কেইটিমান গীত পৰিৱেশন কৰি আবাসী শিশুসকলক মনোৰঞ্জন দিয়ে৷নিউজৰ সম্পাদক ৰাজীৱ কলিতাই  নিউজৰ তৰফৰ পৰা আবাসী শিশু সকলৰ পঢ়াশুনাৰ বাবে কাগজ,কলমকে ধৰি পঢ়াৰ বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰাৰ লগতে শিশুসকলক খোৱাৰ বাবে লঘু আহাৰ বিতৰণ কৰে৷শেষত আবাস গৃহৰ চৌহদত নিম গছৰ পুলি ৰোপন কৰা হয়৷এই সমগ্ৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে বেচৰকাৰী অনুষ্ঠান ষ্টেপ’ৰ দ্বাৰা পৰিচালিত অনাথ শিশুৰ আৱাস গৃহ ব্ৰহ্মপুত্ৰ শিশুগৃহৰ পৰিচালনাৰ দায়িত্বত থকা উমেশ বৰুৱাই৷