নিউজিলেণ্ডৰ বিৰুদ্ধে ১০ অভাৰতে জয়ী লাভ ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ডৰ মাজৰ তৃতীয়খন টি-২০ ত ভাৰতৰ জয়লাভ ৷ অভিষেক শর্মা আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ বিধ্বংসী বেটিঙৰ সুবাদত ভাৰতে নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ভাৰতে ৫খনীয়া টি-২০ শৃংখলাটো ৩-০ ব্যৱধানত নিশ্চিত কৰিলে ভাৰতে। তাৎপৰ্যপূৰ্ণভাৱে ১৫৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ ভাৰতক প্রয়োজন হ’ল মাত্র ১০ টা অভাৰ। গুৱাহাটীত অনুষ্ঠিত মেচখনত প্রথমে বেটিং কৰি নিউজিলেণ্ড দলে নির্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১০ অভাৰত দুটা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। বিশেষকৈ অভিষেক শৰ্মা আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক ইনিংছৰ বাবেই ভাৰতে তৃতীয়খন টি-২০ ত মাত্ৰ ১০ অভাৰতে নিউজীলেণ্ডে বান্ধি দিয়া ১৫৪ ৰাণৰ লক্ষ্যত উপনীত হয় । অভিষেক ২০ টা বলত অপৰাজিত ৬৮ ৰাণ সংগ্ৰহ কৰে, য’ত আছিল ৭ টা চাৰি আৰু ৫ টা ছয় ৷ আনহাতে অধিনায়ক সূৰ্যই ২৬ টা বলত ৬ টা চাৰি আৰু ৩ টা ছয়ৰে অপৰাজিত ৫৭ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ বাহিৰেও ঈশানে ১৩ টা বলত সংগ্ৰহ কৰে ২৮ ৰাণ । দৰ্শনীয়ভাৱে ভাৰতে ইনিংছৰ প্ৰথমটো বলতে হেৰুৱাই সঞ্জু চেমছনৰ উইকেট । চমৎকাৰ বলিং প্ৰদৰ্শনৰ বাবেই ভাৰতে প্ৰতিপক্ষক ৯ উইকেটৰ বিনিময়ত ১৫৫ ৰাণত সীমাবদ্ধ কৰি ৰাখিবলৈ সক্ষম হয় । এই খেলখনত যশপ্ৰীত বুমৰাহ আৰু ৰবি বিষ্ণৈয়ে ভাৰতীয় দলৰ উৎকৃষ্ট বলাৰ হিচাপে নিজকে পুনৰবাৰ প্ৰমাণিত কৰে ৷ ভাৰতে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ গ্লেন ফিলিপছ আৰু মাৰ্ক চেপমেনৰ বাহিৰে বাকীসকল বেটছমেনৰ বাবে ভাৰতীয় বলাৰসকল অত্যন্ত প্ৰত্যাহ্বানমূলক বুলি প্ৰমাণিত হয় ৷ ফিলিপছ-চেপমেনে চতুৰ্থ উইকেটৰ যুটিত ৪১ টা বলত ৫২ ৰাণ সংগ্ৰহ কৰে।বিষ্ণৈই আৰু বুমৰাহক ভাৰতীয় দলত স্থান দিয়াৰ লগে লগে দলটোৰ বলিং আক্ৰমণ অধিক শক্তিশালী হৈ উঠে আৰু দুয়োগৰাকী তাৰকা বলাৰে সুন্দৰ বলিং প্ৰদৰ্শন দাঙি ধৰে ৷ ফিলিপছৰ নিৰ্ণায়ক ইনিংছে অৱশেষত দলটোক ১৫০ ৰাণৰ সীমা পাৰ কৰোৱাত সহায় কৰে ৷ ফলত নিউজীলেণ্ডে ৯ উইকেটৰ বিনিময়ত ১৫৩ ৰাণত ইনিংছ সামৰে ৷ প্লেয়াৰ অব দ্য মেচ বুমৰাহে ৩ টা উইকেট দখল কৰাৰ লগতে হার্দিক পাণ্ডিয়া আৰু ৰবি বিষ্ণয়ে দুটাকে উইকেট লাভ কৰে। এতিয়া শৃংখলাৰ চতুর্থখন মেচ ২৮ জানুৱাৰীত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব।
