নিউজিলেণ্ডৰ বিৰুদ্ধে উদ্বোধনী মেচ পৰাস্ত পাকিস্তান
ৰঙিলী বাৰ্ত্তাসেৱা- কৰাচীত অনুষ্ঠিত আইচিচি চেম্পিয়নছ ট্ৰফীৰ উদ্বোধনী মেচতে পৰাস্ত হ’ল ডিফেণ্ডিং চেম্পিয়ন পাকিস্তান। ৰোমাঞ্চকৰ মেচখনত নিউজিলেণ্ডৰ হাতত ঘৰুৱা দলটো ৬০ ৰানত পৰাস্ত হয়। মেচখনত কিৱি দলটোৰ জয়ৰ মূলতে হ’ল উইল ইয়ং আৰু টম লাথামৰ দুর্দান্ত শতক। নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ৩২১ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বাবৰ আজম আৰু খুছদিল শ্বাহৰ অর্ধশতকৰ সহায়ত পাকিস্তানে ৪৭.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৬০ ৰানহে কৰে। বাবৰে ৬৪ আৰু খুছদিলে ৬৯ ৰানৰ অৰিহণা আগবঢ়ায়। ছলমান আঘাই ২৮ বলত ৪২ আৰু ফখৰ জামানে ২৪ ৰান কৰে। অ’পেনাৰ ছাকিলে ৬, অধিনায়ক ৰিজৱানে ৩, টায়াব তাহিৰে ১ আৰু শ্বাহিন শ্বাহ আফ্রিদীয়ে ১৪ ৰান কৰে। নিউজিলেণ্ডৰ হৈ উইল অ’ৰুৰকে আৰু মিচেল ছাণ্টনাৰ উভয়ে সর্বাধিক তিনিটাকে উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ উইল ইয়ং আৰু ট’ম লাথামৰ দুৰ্দান্ত শতকৰ সহায়ত নিউজিলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩২০ ৰান সংগ্ৰহ কৰে। দলীয় স্ক’ৰ ৭৩ ৰানতে তিনিটাকৈ উইকেট হেৰুৱাই দলটোৱে বিপদত পৰিছিল যদিও ইয়ং আৰু লাথামে চতুর্থ উইকেটত ১১৮ ৰান কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। ইয়ঙে ১১৩টা বলত ১০৭ ৰান কৰি বিদায় লয় যদিও লাথামে ১০৪টা বলত ১১৮ ৰান কৰি অপৰাজিত হৈ থাকে। প্লেন ফিলিপছে ৩৯টা বলত ৬১ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। ডেভ’ন ক’নৱেই ১০, উইলিয়ামছনে ১ আৰু ডাৰিল মিচেলে ১০ ৰানহে কৰে। পাকিস্তানৰ হৈ নাছিম শ্বাহ আৰু হৰিশ ৰৌফ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে।