নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অধিনায়ক সূর্যকুমাৰ যাদৱ আৰু ঈশান কিশনৰ দুর্দান্ত প্ৰদৰ্শনেৰে ৰায়পুৰত অনুষ্ঠিত দ্বিতীয় টি-২০ত ৭ উইকেটত জয়ী হয় টীম ইণ্ডিয়া। প্রথমে বেট ধৰি আলহী দল নিউজিলেণ্ডে বান্ধি দিয়া ২০৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে আৰম্ভণিতে দুই অ’পেনাৰ সঞ্জু ছেমছন আৰু অভিষেক শৰ্মাৰ উইকেট হেৰুওৱাৰ পিছত ক্রিজলৈ অহা ঈশান কিশন আৰু সূৰ্যকুমাৰে চমকপ্রদ প্রদর্শন আগবঢ়ায়। দীর্ঘদিনৰ পিছত টীম ইণ্ডিয়াত খেলাৰ সুযোগ পোৱা ঈশান কিশনে ৩২টা বলত ১১টা চাৰি আৰু চাৰিটা ছয়েৰে ৭৬ ৰান কৰাৰ লগতে সূৰ্যকুমাৰে ৩৭টা বলত ৯টা চাৰি আৰু চাৰিটা ছয়েৰে ৮২ ৰানৰ বৰঙণি আগবঢ়ায়। শুভম ডুবেই ১৮টা বলত ৩৬ ৰান কৰে। ইফালে, প্রথমে বেট ধৰি কিৱি দলে ৰশ্বিন ৰবীন্দ্ৰৰ ৪৪, অধিনায়ক মিচেল ছাণ্টনাৰৰ ৪৭ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ২০৮ ৰান কৰিবলৈ সক্ষম হৈছিল। এই জয়েৰে ভাৰতে শৃংখলাটোত ২-০ৰ অগ্রগতি লাভ কৰে।
