নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ জয় ভাৰতৰ

নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ জয় ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হেলাৰঙে নিউজিলেণ্ডক পৰাস্ত কৰি  ইতিহাস ৰচিলে ভাৰতে।  এই আকৰ্ষণীয় জয়ৰ জৰিয়তে ভাৰতে একেৰাহে দুটাকৈ টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমটো দল আৰু তৃতীয়বাৰৰ বাবে টি-২০ ৰ খিতাপ অৰ্জন কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় ।২০২৪ চনত বেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ যৌথ উদ্যোগত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ খিতাপ যুঁজত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি ভাৰতে ২০০৭ চনৰ পিছত দ্বিতীয়টো খিতাপ অর্জন কৰিছিল। উল্লেখ্য যে নিউজিলেণ্ড দলৰ অধিনায়ক ছাণ্টনাৰে ফাইনেল মেচখনৰ পূৰ্বে ভাৰতীয় অনুৰাগীৰ হৃদয় ভাঙি বিশ্বকাপ আঁজুৰি নিয়াৰ কথা উল্লেখ কৰিছিল। কিন্তু দেওবাৰে নিশা ভাৰতীয় দলটোৱে একমাত্ৰ খেলৰ দ্বাৰাই কিৱি দলটোৰ অধিনায়কগৰাকীৰ দর্পচূৰ্ণ কৰিবলৈ সক্ষম হয়। দেওবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতে নিউজিলেণ্ডক ৯৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। টছত পৰাজিত হৈও বেটিঙৰ বাবে আমন্ত্রণ লাভ কৰি ভাৰতে সঞ্জু ছেমছন আৰু অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙেৰে আৰম্ভণিৰে পৰা নিউজিলেণ্ডৰ বলাৰসকলক ধৰাশায়ী কৰি ৭.১ অভাৰত ৯৮ ৰানৰ যুটি বান্ধে। বিগত দুখন মেচত অনবদ্য প্রদর্শন আগবঢ়োৱা অ’পেনাৰ সঞ্জু ছেমছনে ফাইনেল মেচখনতো ৪৫টা বলত ৮৯ ৰান সংগ্ৰহ কৰি ভাৰতৰ দ্বিতীয় বিশ্বকাপ জয়ত উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। ব্যক্তিগত ৫২ ৰানত অভিষেক শর্মা আউট হোৱাৰ পিছত ক্রীজলৈ অহা ঈশান কিশানেও কিৱি দলৰ বলাৰক প্ৰহাৰ কৰি ২৫টা বলত ৫৪ ৰানেৰে ইনিংছ খেলে। ঈশান কিশানে ৪টা ছয় আৰু ৪টা চাৰিৰে নিজৰ ইনিংছটো খেলে। অভিষেক শর্মাই ২১টা বলত ৬টা চাৰি আৰু ৩টা ছয়েৰে ৫২ ৰান কৰে। খেলখনত অধিনায়ক সূর্যকুমাৰ যাদৱ ব্যর্থ হ’লেও হার্দিক পাণ্ডিয়া আৰু শিৱম ডুবেই স্বাভাৱিকভাৱে বিস্ফোৰক বেটিঙেৰে ভাৰতৰ ইনিংছ ২৫৫ ৰানলৈ উন্নীত কৰি কিৱি বাহিনীৰ সন্মুখত ২৫৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ছেমিফাইনেলত দুর্দান্ত বেটিঙেৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা পাণ্ডিয়া আৰু শিৱম ডুবেই ক্রমে ১৮ আৰু ২৮ ৰান কৰিবলৈ সক্ষম হয়। কিৱি দলৰ হৈ নিছামে ১ অভাৰত তিনিটা উইকেট দখল কৰি ভাৰতক এসময়ত চাপত পেলাইছিল যদিও ভাৰতৰ বাকী খেলুৱৈসকলে শ্রেষ্ঠত্ব প্রদর্শনেৰে দলটোক এক শক্তিশালী স্থিতিত উপনীত কৰায়। নিউজিলেণ্ডৰ হৈ জেম নিছামে সর্বাধিক তিনিটা উইকেট দখল কৰে। ইফালে, ২৫৬ ৰানৰ লক্ষ্য আগত লৈ নিউজিলেণ্ডে ভাৰতীয় বলাৰৰ সন্মুখত আৰম্ভণিৰ পৰাই যুঁজ দিয়া পৰিলক্ষিত হয়। ভাৰতীয় বলাৰৰ নিখুঁত নিয়ন্ত্ৰণ আৰু চমকপ্রদ ফিল্ডিঙেৰে কিৱি বাহিনীৰ প্ৰথম বিশ্বকাপ জয়ৰ সপোন ধূলিসাৎ কৰে। ৩১ ৰানতে ফিন এলেনৰ উইকেট হেৰুওৱাৰ পিছত পৰৱৰ্তী অভাৰত ৰাশ্বিন ৰবীন্দ্ৰও পেভিলিয়নমুখী হয়। ছেমিফাইনেলত দুর্দান্ত প্ৰদৰ্শন কৰা কিৱিৰ অ’পেনাৰকে ধৰি টপ অৰ্ডাৰ বেটাৰসকল সম্পূৰ্ণ ব্যর্থ হয়। দলটোৰ হৈ টীম শ্বেফার্টে সর্বাধিক ৫২ ৰান আৰু অধিনায়ক মিছেল চাণ্টনাৰে ৪৩ ৰান কৰাৰ বাহিৰে বাকীসকল বেটাৰ ভাৰতীয় বলাৰৰ সন্মুখত বেছি সময় টিকি থাকিব নোৱাৰিলে। দলটোৱে ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। ইয়াৰ জৰিয়তে ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে ৯৬ ৰানত জয়ী হৈ ইতিহাস ৰচনা কৰে। ভাৰতৰ হৈ যশপ্রীত বুমৰাহে ৪ অভাৰত ১৫ ৰানৰ বিনিময়ত সর্বাধিক ৪টা উইকেট দখল কৰে। অক্ষৰ পেটেলে তিনিটা উইকেট লাভ কৰে। যশপ্রীত বুমৰাহক প্লেয়াৰ অৱ দ্য মেচ সন্মান প্রদান কৰে। তিনিখন মেচত একেৰাহে তিনিটা অর্ধশতকসহ টি-২০ বিশ্বকাপত মুঠ ৩২১ ৰান সংগ্ৰহ কৰা ভাৰতীয় দলৰ অ’পেনাৰ সঞ্জু ছেমছনক আইচিচি প্লেয়াৰ অৱ দ্য টুর্নামেন্ট বঁটা প্ৰদান কৰে।