নিউজিলেণ্ডক পৰাস্ত কৰি টি-২০ শৃংখলা দখল দক্ষিণ আফ্ৰিকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল নিউজিলেণ্ডক পৰাস্ত কৰি টি-২০ শৃংখলা দখল দক্ষিণ আফ্রিকাৰ। ঘৰুৱা দলটোৰ বিপক্ষে খেলা ৫খনীয়া টি-২০ মেচৰ শৃংখলাটো ৩-২ত দখল কৰে প্রটিয়াজ বাহিনীয়ে। ক্রাইষ্টাচাৰ্ছত অনুষ্ঠিত পঞ্চম তথা নির্ণায়ক মেচখনত দক্ষিণ আফ্রিকাই কিৱি বাহিনীক ৩৩ ৰানত পৰাস্ত কৰে। মেচখনত দক্ষিণ আফ্রিকাৰ দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৮৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি নিউজিলেণ্ডে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৪ ৰানহে কৰিবলৈ সক্ষম হয়। বেভন জেকবছে সর্বাধিক ৩৬ ৰান কৰাৰ লগতে টিম ৰবিনছনে ২৫, অধিনায়ক জেমছ নিছামে ২৪ আৰু ডান ক্লেভাবে ২২ বানৰ অৰিহণা আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ জেৰাল্ড ক’টজী, মূলডাৰ আৰু অ’টনেইল বাৰ্টমানে দুটাকৈ উইকেট লাভ কৰাৰ লগতে কেশৱ মহাৰাজে এটা উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও ক’ন’ৰ এষ্টাৰহুইজেনৰ দুর্দান্ত ৭৫ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ১৮৭ ৰান সংগ্ৰহ কৰে। এষ্টাৰহুইজেনে ৩৩টা বলত ৫টা চাৰি আৰু ৬টা ছয়েৰে ৭৫ ৰানৰ অৰিহণা আগবঢ়ায়। ৰুবিন হাৰমানে ৩৯, মুলডাৰে ৩১ আৰু ডিয়ান ফ’ৰেষ্টাৰে অপৰাজিতভাৱে ২১ ৰানৰ অৰিহণা আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ সর্বাধিক দুটা উইকেট লাভ কৰে বেন ছীয়াছে। মেচখনৰ লগতে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে দক্ষিণ আফ্রিকাৰ এষ্টাৰহুইজেনে।
